অসম

assam

ETV Bharat / state

আপুনি কাহানিও নভবা-নিচিন্তা চিন্তা এজন অধ্যাপকৰ ! কংক্ৰিটৰ গুৱাহাটীত নভবা কথা - চাহ

ঘৰৰ চাদৰ ওপৰতে আৰম্ভ কৰিছে মৎস্য পালন, চাহৰ খেতিৰ পৰা আৰম্ভ কৰি বিভিন্ন শাক-পাচলিৰ খেতি ৷

কংক্ৰিটৰ মহানগৰীত সেউজ বিপ্লৱ এগৰাকী প্ৰাক্তন অধ্যাপকৰ !

By

Published : May 31, 2019, 10:41 PM IST

গুৱাহাটী,৩১ মে' : হাতীগাঁৱৰ এগৰাকী ব্যক্তিৰ বাসগৃহত সততে দেখি নোপোৱা এক দৃশ্য । আচলতে কি এই নেদেখা দৃশ্য আপুনি জানেনে ! এই কংক্ৰিটৰ মহানগৰীত অভিনৱ প্ৰচেষ্টা চলাই একপ্ৰকাৰৰ সেউজ বিপ্লৱ গঢ়ি তুলিছে ড: অমৰজ্যোতি কাশ্যপে । ড: অমৰজ্যোতি কাশ্যপে তেওঁৰ দুমহলীয়া অট্টালিকাৰ চাদৰ ওপৰত কৰিছে ভেন্দি,লাই শাক,পালেং শাক, পানীলাউ, ৰঙালাউ, বেঙেনা, ফুলকবি, বন্ধাকবি আদিকে ধৰি বিভিন্ন শাক-পাচলিৰ খেতি । কেৱল সেয়াই নহয় , চাদৰ ওপৰতে কৰিছে কমনকাৰ্প, ৰৌ, জাপানী কাৱৈ আদিৰে কৰিছে মৎস্য পালন । লগতে কৰিছে চাহ খেতি এই চাহৰ পৰা তেখেতে ঘৰত নিজে গ্ৰীণ টি' তৈয়াৰ কৰি নিজে খোৱাৰ উপৰিও বিক্ৰী কৰি এবছৰত এক লাখ টকা উপাৰ্জন কৰিছে ।

কংক্ৰিটৰ মহানগৰীত সেউজ বিপ্লৱ এগৰাকী প্ৰাক্তন অধ্যাপকৰ !

উল্লেখ্য যে,ড: অমৰজ্যোতি কাশ্যপ মহানগৰীৰ ললিত চন্দ্ৰ ভৰাঁলী মহাবিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অধ্যাপক আছিল । বিগত ২০০০ চনত তেখেতে অধ্যাপক জীৱন বাদ দি তেখেতৰ নিজৰ পচন্দ অনুসাৰে সেউজ বিপ্লৱৰ লগত জড়িত হৈ পৰে । ড: অমৰজ্যোতিয়ে বিগত ২০০৫ চনতেই ওৱেষ্ট এচিমিলেটাৰ নামৰ এবিধ মেচিন তৈয়াৰ কৰি উলিয়াইছিল, যিটোৰ দ্বাৰা জৈৱিক সাৰৰ লগতে জৈৱিক কীটনাশক দ্ৰৱ্য উৎপন্ন কৰিব পাৰি । তেখেতে ঘৰুৱা জাৱৰ-জোথৰ সমূহৰ উচিত ব্যৱহাৰ কৰি এই মেচিনটোৰ সহায়ত মাত্ৰ এটা দিনৰ ভিতৰতে জৈৱিক সাৰ প্ৰস্তুত কৰি উলিয়ায় । ইয়াৰ যোগেদি প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ লগতে তেখেতে স্বচ্ছ ভাৰত অভিযান পালন কৰি আহিছে । তেখেতৰ বিশ্বাস যে যদি প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ ঘৰত বা ঠাইৰ অভাৱ হ'লে চাদত এই সেউজ বিপ্লৱৰ সূচনা কৰে তেন্তে প্ৰদূষণ নিয়ন্ত্ৰণৰ লগতে আৰ্থিক পৰিমাণে হ'লেও কিছু সকাহ লাভ কৰিব পাৰিব ।

ABOUT THE AUTHOR

...view details