অসম

assam

By

Published : Dec 20, 2022, 3:59 PM IST

ETV Bharat / state

Road safety awareness campaign: গুৱাহাটীৰ ISBT ত নিশা পৰিবহন বিভাগৰ সজাগতা অভিযান

৩১ ডিচেম্বৰ তথা ১ জানুৱাৰীক লৈ সষ্টম হৈছে মহানগৰ জিলা পৰিবহন বিভাগ(City District Transport Department) । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ হৈ পৰিছে পৰিবহন বিভাগ । সোমবাৰে নিশা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ উদ্যোগত মহানগৰীৰ ISBT ত অনুষ্ঠিত কৰা হয় এক সজাগতা অভিযান (Road safety awareness campaign at ISBT) ।

Road safety awarness meeting at ISBT
সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব জৰিমনা

সুৰাপান কৰি গাড়ী চলালে ভৰিব লাগিব জৰিমনা

গুৱাহাটী,১৭ ডিচেম্বৰ:শীতৰ আগমনৰ লগে লগে আৰম্ভ হৈছে উৎসৱৰ বতৰ । প্ৰকৃতিৰ মনোৰম কোলাত লগে ভাগে এসাঁজ খাবলৈ ঢাপলি মেলিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৰাইজে । এনে উৎসৱৰ বতৰত যাতে কোনো দুৰ্ঘটনা সংঘটিত নহয় তাৰবাবে সষ্টম হৈ পৰিছে ৰাজ্যৰ জিলা পৰিবহন বিভাগ । চালক সকলক সজাগ কৰাৰ প্ৰয়াস কৰিছে ৰাজ্যৰ পৰিবহন বিভাগে ।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পথ দুৰ্ঘটনা ৰোধ কৰিবলৈ সষ্টম হৈ পৰিছে জিলা পৰিবহন বিভাগ । সেয়ে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগেও চলালে অভিযান । মহানগৰ জিলাৰ পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ(District Transport Officer Enforcement Himanshu Kumar Das) উদ্যোগত নিশা মহানগৰীৰ ISBT ত এক সজাগতা মূলক কাৰ্যসূচী গ্ৰহণ কৰা হয় ৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিবহন বিষয়াগৰাকীয়ে নৈশ বাছৰ চালক সকলৰ মাজত প্ৰচাৰ পত্ৰিকা বিতৰণ কৰে (Transport Department awareness campaign) । বাহন চলাওতে যাতে কোনো চালকে মদ্যপান নকৰে তাৰ বাবে বিশেষভাৱে আহ্বান জনাই(Ban on drunk driving) ।

লগতে পৰিবহন বিষয়াগৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যত শীতৰ আগমনৰ লগে লগে কুৱলীয়ে আৱৰি ৰাখে ৰাজপথ(Road safety awareness meeting at ISBT) । গতিকে এই সময়চোৱাত চালকসকলক অত্যন্ত সাবধানতা অৱলম্বন কৰাৰ বাবে জনালে আহ্বান । কিয়নো চালকজনৰ ওপৰতে ভৰষা কৰি ৩০-৫০ জন যাত্ৰীয়ে নিশ্চিন্ত মনে যাত্ৰা কৰে । কুঁৱলীৰ বাবে যাত্ৰাপথত যাতে দুৰ্ঘটনা নহয়, তাৰ বাৱে ফগ লাইট ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে হিমাংশু কুমাৰ দাস । যাত্ৰী, চালক-হেণ্ডিমন সকলোৰে জীৱন যাতে সুৰক্ষিত হয়, তাৰ বাবে সজাগ কৰাৰ প্ৰয়াস কৰে পৰিবহন বিভাগে(Precautions to be taken while driving) ।

ইফালে আনন্দ উপভোগৰ নামত কোনোৱে যাতে ৰাগীয়াল দ্ৰব্য সেৱন কৰি যান-বাহন নচলাই তাৰ বাবে আহ্বান জনাই পৰিবহন বিষয়াগৰাকীয়ে । সুৰাপান কৰি বাহন চলালে ১০,০০০ টকাৰ জৰিমনা (Rs 10,000 fine for drunk driving) তথা ৬ মাহ পৰ্যন্ত কাৰাবাস খাতিব লাগিব । কোনো কাৰণতে সুৰাপান কৰি বাহন চলালে ক্ষমা কৰা নহ'ব বুলি উল্লেখ কৰে পৰিবহন বিষয়াগৰাকীয়ে । বনভোজৰ বাবে বাহন ঠিক কৰোতে যাত্ৰীসকলে চালকক যিকোনো প্ৰকাৰে ৰাগিয়াল দ্ৰব্য সেৱন নকৰিবলৈ অনুৰোধ জনাবলৈ পৰামৰ্শ আগবঢ়াই দাসে ।

ইফালে দুচকীয়া বাহনত চালক-আৰোহী উভয়ে হেলমেট, চাৰিচকীয়া বাহনত ছীটবেল্ট পৰিধান, নিয়ন্ত্ৰিত গতীতহে যানবাহন চলোৱা, যানবাহন চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰা আদি সন্দৰ্ভত লবলগীয়া সাৱধানতাৰ সম্পৰ্কে সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা আহ্বান কৰে জিলা পৰিবহন বিষয়া হিমাংশু কুমাৰ দাসে । হেলমেট পৰিধান নকৰিলে ১০০০ টকা জৰিমনা তথা অনজ্ঞাপত্ৰ বাতিল কৰা, ছীটবেল্ট পৰিধান নকৰিলে ১০০০ টকা জৰিমনা তথা অনজ্ঞাপত্ৰ বাতিল কৰা হ'ব পাৰে বুলি উল্লেখ কৰে । ইতিমধ্যে ৯০০ৰো অধিক কেছ পঞ্জীয়ন কৰা হৈছে বুলি জানিবলৈ দিয়ে জিলা পৰিবহন বিষয়াগৰাকীয়ে ।

উল্লেখ্য, বিগত বৰ্ষৰ দৰেই এইবাৰো ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত কোনো দুৰ্ঘটনা সংঘটিত হ'বলৈ নিদিয়াৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিছে মহানগৰ জিলা পৰিবহন বিভাগে । কোনো কাৰণতে যাতে সুৰাপান কৰি গাড়ী নচলাই তাৰবাবে ৰাইজ তথা অভিভাৱকসকলক সজাগ হ'বলৈ আহ্বান জনাই পৰিবহন বিষয়াগৰাকীয়ে । পিছে পৰিবহন বিভাগৰ এই পদক্ষেপৰ প্ৰতি কিদৰে সঁহাৰি জনাব সাধাৰণ ৰাইজে সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক:Bhabesh Kalita at Rangia: ৰঙিয়াত আদৰ্শ গাঁও মুকলি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ

ABOUT THE AUTHOR

...view details