অসম

assam

কেন্দ্ৰই ৰাজ্যসমূহৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিছে : ৰিপুন বৰা

By

Published : Oct 16, 2021, 6:07 PM IST

সীমান্ত এলেকাত বি এছ এফৰ কৰ্তৃত্ব বৃদ্ধি কৰাৰ চৰকাৰৰ সিদ্ধান্তক লৈ সৰৱ হৈ পৰিছে ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা । তেওঁ কয়, এই সিদ্ধান্তৰ আগত কেন্দ্রীয় চৰকাৰে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ লগত আলােচনা কৰাটো সাংবিধানিক বাধ্যবাধকতা থকা স্বত্বেও ৰাজ্য চৰকাৰৰ লগত আলােচনা নকৰিলে ।

power given by govt to bsf in border
কেন্দ্ৰই ৰাজ্যসমূহৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিছে

গুৱাহাটী, ১৬ অক্টোবৰ : সীমান্ত এলেকাত বি এছ এফৰ কৰ্তৃত্ব বৃদ্ধি কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্তক লৈ সৰৱ হৈ পৰিছে ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা । শনিবাৰে এখন সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অসমৰ সীমামূৰীয়া এলেকাত বি এছ এফৰ কৰ্তৃত্ব পূৰ্বৰ ১৫ কিলোমিটাৰ এলেকাৰ পৰিৱর্তে ৫০ কিলোমিটাৰ লৈ বৃদ্ধি কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ তীব্ৰ বিৰােধিতা কৰে ।

কেন্দ্ৰই ৰাজ্যসমূহৰ সাংবিধানিক অধিকাৰ খৰ্ব কৰিছে

তেওঁ কয়, Border Security Force Act of 1968ৰ অধীনত ২০১৪ চনত কেন্দ্রীয় গৃহমন্ত্রণালয়ে অসমকে ধৰি মণিপুৰ, মিজোৰাম, ত্রিপুৰা, নাগালেণ্ড আৰু মেঘালয়ত, অসম-বাংলাদেশ সীমান্তত বি এছ এফৰ কৰ্তৃত্ব ১৫ কিলোমিটাৰলৈকে নির্ধাৰণ কৰিছিল । এই আদেশ পাঞ্জাৱ, পশ্চিমবংগৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত প্রযােজ্য হৈছিল ।

লগতে পঢ়ক:দশমীৰ নিশা নগাঁৱৰ আমবাগানত কিহৰ উত্তেজনা

কিন্তু অলপতে ভাৰত চৰকাৰৰ গৃহমন্ত্রণালয়ে ২০২১ চনৰ ১১ অক্টোবৰ তাৰিখে এক অধিসূচনা যােগে উক্ত আন্তঃৰাষ্ট্ৰীয় এলেকা সমূহত বি এছ এফৰ কৰ্তৃত্ব বর্তমানৰ ১৫ কিলোমিটাৰৰ পৰিৱর্তে ৫০ কিলোমিটাৰলৈ বৃদ্ধি কৰা সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অসম প্ৰদেশ কংগ্ৰেছে ৷ এই সিদ্ধান্ত কেন্দ্রীয় চৰকাৰে একপক্ষীয়ভাৱে ৰাজ্য চৰকাৰৰ ওপৰত জাপি দিছে বুলি অভিযোগ উত্থাপ সাংসদ ৰিপুন বৰাই ৷

এই সিদ্ধান্তৰ আগত কেন্দ্রীয় চৰকাৰে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ লগত আলােচনা কৰাটো সাংবিধানিক বাধ্যবাধকতা থকা স্বত্বেও ৰাজ্য চৰকাৰৰ লগত আলােচনা নকৰিলে । কেন্দ্রীয় চৰকাৰে ৰাজ্যসমূহৰ সাংবিধানিক স্বতন্ত্রতা কাঢ়ি ল'ব বিচাৰিছে ।

তেওঁ লগতে কয়, ‘‘পঞ্জাৱ আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্তৰ বিৰােধিতা কৰাৰ বিপৰীতে অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনােৱা কাৰ্যক আমি ধিক্কাৰ দিছো । এই সিদ্ধান্তৰ ফলত বি এছ এফে অসম পুলিচ বা অসমৰ বিষয়াবৰ্গৰ লগত কোনাে আলােচনা নকৰাকৈ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ৫০ কিলোমিটাৰ পৰ্যন্ত নিজৰ কর্তৃত্ব প্রয়ােগ কৰিব’’ ।

লগতে পঢ়ক:বিশ্ব খাদ্য দিৱস : 8 বিধ স্বাস্থ্যকৰ মাজ নিশাৰ খাদ্য

অসমৰ মাটিত অসম চৰকাৰৰ কোনাে অধিকাৰ নাথাকিব । তদুপৰি তেওঁ কয় যে, বি এছ এফৰ বিৰুদ্ধে মানৱাধিকাৰ ভংগৰ বহু বেছি অভিযোগ আছে আৰু এই কৰ্তৃত্ব লাভৰ পাছত আন্তঃৰাষ্ট্ৰীয় সীমান্তত অসমৰ ৫০ কিলোমিটাৰ এলেকাত বসবাস কৰা ৰাইজৰ মাজত ভৱিষ্যতে বি এছ এফে ক্ষমতাৰ অপপ্রয়ােগ কৰি নিৰপৰাধী ৰাইজক বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰ সম্ভাৱনা আছে ।

২০১২ চনত প্রধানমন্ত্রী মনমােহন সিঙৰ কার্যকালত গুজৰাটৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত বি এছ এফৰ কৰ্তৃত্ব এলেকা বৃদ্ধি কৰিবলৈ লােৱা সিদ্ধান্তত তেতিয়াৰ গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে তাৰ তীব্ৰ বিৰােধিতা কৰি গৰজি উঠিছিল । কিন্তু এতিয়া একপক্ষীয়ভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে । সংবাদমেল যোগে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই ৷

লগতে পঢ়ক:পৰম্পৰাগত পোছাকেৰে বালিসত্ৰ বামন গোঁসাই থানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

ABOUT THE AUTHOR

...view details