অসম

assam

ETV Bharat / state

লক্ ডাউনত শিথিলতাঃ হাঁহি বিৰিঙিছে ফুল ব্যৱসায়ীৰ মুখত

লক্ ডাউন শিথিলৰ পিচত মুকলি হ'ল মহানগৰীৰ ফুলৰ বিপনীসমূহ ৷ লক্ ডাউনৰ ফলত বহু পৰিমাণৰ ফুল নষ্ট হোৱাৰ লগতে বহু টকাৰ লোকচানৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰে ব্যৱসায়ী সকল ।

By

Published : May 8, 2020, 8:31 PM IST

reopened the flower shops in guwahati after long lockdown
reopened the flower shops in guwahati after long lockdown

গুৱাহাটী, 8 মে': লক্ ডাউন শিথিলৰ পিচতে পুনৰ মুকলি হ'ল মহানগৰীৰ ফুলৰ বজাৰ সমূহ ৷ ওলাই আহিছে ফুল বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিয়া লোকসকল ৷ লক্ ডাউনৰ সময়চোৱাত ব্যৱসায় বন্ধ হৈ থকাৰ ফলত তীব্ৰ আৰ্থিক অনাটনৰ সন্মুখীন হোৱা ফুলৰ ব্যৱসায়ী সকলৰ মাজলৈ ঘূৰি আহিছে কিছু সকাহ ৷

মুকলি হ'ল ফুলৰ বজাৰঃ সকাহ ব্য়ৱসায়ীৰ মাজত

ফুলৰ বিপনীসমূহ খোলাৰ পিচতে দেখিবলৈ পোৱা গৈছে গ্ৰাহকৰ ভীৰ ৷ আনহাতে ব্যৱসায়ী সকলে জানিবলৈ দিয়া অনুসৰি, লক্ ডাউনৰ বাবে বিপনী সমূহ বন্ধ কৰি দিয়াৰ ফলত পানী দিবলৈ নোপোৱাৰ বাবে, 50 শতাংশ ফুল মৰি যোৱাৰ লগতে বাকী থকা ফুলবোৰৰ অৱস্থাও ভাল নহয় ৷ উল্লখ্য যে, এই দুৰ্যোগৰ সময়ত আৰ্থিকভাৱে চৰকাৰৰ পৰা কোনো ধৰণৰ সহায় নাপালেও, বিপনী সমূহ খোলাৰ ক্ষেত্ৰত চৰকাৰে কোনো নিষেধাজ্ঞা জাৰি কৰা নাই বুলি জানিবলৈ দিলে ফুলৰ ব্যৱসায়ীসকলে ৷ ৰাতিপুৱা 10 বজাৰ পৰা বিয়লি 5 বজালৈ গ্ৰাহকৰ বাবে খোলা থাকিব ফুলৰ দোকান সমূহ ৷

লগতে পঢ়কঃলক্ ডাউনঃ চাহ দোকানৰে জীৱিকা নিৰ্বাহ বাদ্যযন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details