অসম

assam

By

Published : Dec 7, 2019, 11:04 AM IST

Updated : Dec 7, 2019, 1:04 PM IST

ETV Bharat / state

আৰ টি আই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ

বিগত ৪ ডিচেম্বৰত হাতীগাঁও থানাত নাইমুদ্দিন আহমেদ নামৰ এজন লোকে দুলাল বৰাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ৷ উক্ত এজাহাৰৰ ভিত্তিতেই ৯০৫/১৯ নম্বৰৰ গোচৰৰ অধীনত শনিবাৰে পুৱা নিজ বাসভৱনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুলাল বৰাক ।

reknown RTI worker Dulal Borah got arrested
আৰ টি আই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ

গুৱাহাটী,7 ডিচেম্বৰঃ বিভিন্ন সংবাদ মেলৰ জৰিয়তে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা আৰ টি আই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ যান বাহন পৰিদৰ্শক নাইমুদ্দিন আহমেদৰ এটা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হয় বৰাক ৷ কামৰূপ মেট্ৰ জিলা পৰিবহন বিভাগে নম্বৰ প্লেট বিহীন মেজিক এখন আটক কৰাৰ পিছত কিদৰে কামৰূপ গ্ৰাম্য জিলাৰ পৰা ফিটনেছ প্ৰমান পত্ৰ লাভ কৰিলে তাক লৈ বিগত ২৭ ছেপ্টেম্বৰত এক আৰ টি আই কৰিছিল দুলাল বৰাই ৷

দুলাল বৰাক গ্ৰেপ্তাৰ

এই প্ৰসংগতে ৪ ডিচেম্বৰত হাতীগাঁও থানাত নাইমুদ্দিন আহমেদে দাখিল কৰিছিল এজাহাৰ ৷ উক্ত এজাহাৰৰ ভিত্তিতেই ৯০৫/১৯ নম্বৰৰ গোচৰৰ অধীনত শনিবাৰে পুৱা নিজ বাসভৱনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুলাল বৰাক। আনহাতে,অভিযোগকাৰীৰ পৰা ধন দাবী কৰা কথা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে দুলাল বৰাই। আৰক্ষীৰ জেৰা অব্যাহত অভিযুক্ত দুলাল বৰাক ৷

দুলাল বৰাৰ ভাষ্য

লগতে পঢ়ক- ডিব্ৰুগড়ত কেবৰ বিৰোধিতাৰে দল ত্যাগ বিজেপি কৰ্মীৰ

Last Updated : Dec 7, 2019, 1:04 PM IST

ABOUT THE AUTHOR

...view details