অসম

assam

By

Published : Nov 25, 2020, 10:26 AM IST

Updated : Nov 25, 2020, 10:42 AM IST

ETV Bharat / state

তৰুণ গগৈক শ্ৰদ্ধাঞ্জলী জনাবলৈ গুৱাহাটীত উপস্থিত ৰাহুল গান্ধী

গোৱাৰ পৰা বিশেষ বিমানযোগে বৰঝাৰ বিমান বন্দৰত উপস্থিত ৰাহুল গান্ধী ৷ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলী জনাবলৈ গুৱাহাটীত উপস্থিত কংগ্ৰেছ নেতাগৰাকী ৷

rahul gandhi visit assam to pay last homage to former Assam  chief minister tarun Gogoi
rahul gandhi visit assam to pay last homage to former Assam chief minister tarun Gogoi

আজাৰা, 25 নৱেম্বৰ : প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলী জনাবলৈ গুৱাহাটীত উপস্থিত ৰাহুল গান্ধী । গোৱাৰ পৰা বিশেষ বিমানযোগে বৰঝাৰ বিমান বন্দৰত উপস্থিত কংগ্ৰেছ নেতাগৰাকী ৷ বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে কংগ্রেছৰ সভাপতি ৰিপুন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়াসহ কংগ্রেছৰ কেইবাগৰাকীও নেতাই আদৰণি জনায় ৰাহুল গান্ধীক ।

তৰুণ গগৈক শ্ৰদ্ধাঞ্জলী জনাবলৈ গুৱাহাটীত উপস্থিত ৰাহুল গান্ধী

তাৰ পিচতেই বিমান বন্দৰৰ পৰা পোনে পোনে ৰাহুল গান্ধী তৰুণ গগৈৰ বাসগৃহলৈ ৰাওনা হয় । বাসগৃহত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পৰিয়ালৰ সৈতে মিলিত হৈ পৰিয়ালৰ লোকক সমবেদনা জনাব ৰাহুল গান্ধীয়ে । তাৰপিছতে কলাক্ষেত্ৰলৈ ৰাওনা হৈ তৰুণ গগৈৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলী জনাব ৰাহুল গান্ধীয়ে । মাত্ৰ দুঘণ্টাৰ বাবে বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হোৱা ৰাহুল গান্ধীয়ে শ্ৰদ্ধাঞ্জলী নিবেদনৰ পিছতেই নিজৰ ভ্ৰমণসূচী সামৰি পুনৰ দিল্লীলৈ উভতি যাব ।

লগতে পঢ়ক :নৱগ্ৰহত শেষকৃত সম্পন্ন কৰা হ’ব প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

Last Updated : Nov 25, 2020, 10:42 AM IST

ABOUT THE AUTHOR

...view details