অসম

assam

ETV Bharat / state

হ্ৰাস পালে ছাগলী মাংসৰ মূল্য

নিৰ্ধাৰিত দামতকৈ অধিক দামত বিক্ৰী কৰিলে আইনী ব্যৱস্থা ল'বলৈ আহ্বান চৰকাৰক ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি গ্ৰেটাৰ গুৱাহাটী কুৰেস্বী মীট এচছিয়েচনে ঘোষণা কৰে এই কথা ৷ শেহতীয়াকৈ ছাগলী মাংসৰ দাম বৃদ্ধি হোৱাৰ ফলত গ্ৰাহকৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছিল, যাৰ বাবে সংগঠনটোৱে গ্ৰহণ কৰে এই সিদ্ধান্ত ৷

By

Published : May 13, 2019, 7:29 PM IST

হ্ৰাস পালে ছাগলী মাংসৰ দাম

হ্ৰাস পালে ছাগলী মাংসৰ দাম

গুৱাহাটী, 13 মে': মহানগৰীত হ্ৰাস পালে ছাগলী মাংসৰ দাম ৷ এতিয়াৰে পৰা 600 টকাৰ পৰিৱৰ্তে প্ৰতিকিলো ছাগলী মাংস গ্ৰাহকসকলে ক্ৰয় কৰিব পাৰিব 560 টকাত ৷ মঙলবাৰৰ পৰা কাৰ্যকৰী হ'ব এই নতুন নিৰিখ ৷ নিৰ্ধাৰিত দামতকৈ অধিক দামত বিক্ৰী কৰিলে আইনী ব্যৱস্থা ল'বলৈ আহবান চৰকাৰক ৷ সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি গ্ৰেটাৰ গুৱাহাটী কুৰেস্বী মীট এচছিয়েচনে ঘোষণা কৰে এই কথা ৷ শেহতীয়াকৈ ছাগলী মাংসৰ দাম বৃদ্ধি হোৱাৰ ফলত গ্ৰাহকৰ সংখ্যা যথেষ্ট হ্ৰাস পাইছিল, যাৰ বাবে সংগঠনটোৱে গ্ৰহণ কৰে এই সিন্ধান্ত ৷ 11 মে'ত হোৱা এক সভাৰ সিদ্ধান্তমৰ্মেই প্ৰতিকেজি ছাগলী মাংসৰ মূল্য 600 টকাৰ পৰা 40 টকা হ্ৰাস কৰি 560 টকা নিৰ্ধাৰণ কৰে গুৱাহাটী মহানগৰী তথা ইয়াৰ পাশ্চৱৰ্তী অঞ্চলৰ ছাগলী মাংস ব্যৱসায়ীসকলে ৷ উল্লেখ্য যে, 1019 চনৰ 2 জানুৱাৰীৰ পৰা চৰকাৰীভাৱে স্থাপন কৰা শ্লাটাৰ হাউচত প্ৰতিজন ছাগলী মাংসৰ ব্যৱসায়ীয়ে অতিৰিক্ত মাচুল আদায় দিবলগীয়া হোৱাৰ বাবেই প্ৰতিকিলো ছাগলী মাংসৰ মূল্য 600 টকা কৰা হৈছিল ৷ কিন্তু কেইবা মাহ ধৰি চৰকাৰী কচাইখানা শ্লাটাৰ হাউচ বন্ধ থকাত আৰু চৰকাৰী শ্লাটাৰ হাউচৰ ঠিকা লোৱা এন এফ পি পি এল নামৰ প্ৰতিষ্ঠানৰ কিছুমান কার্যকলাপৰ বাবে সেই ব্যৱস্থা বন্ধ হৈ পৰাত ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰেটাৰ গুৱাহাটী কুৰেস্বী মীত এচছিয়েচনে ছাগলী মাংসৰ মূল্য মঙলবাৰৰ পৰা হ্ৰাস কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷

ABOUT THE AUTHOR

...view details