গুৱাহাটী, 21 জুন: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত কিছুদিন পূৰ্বে প্ৰতিবাদৰ নামত একাংশ লোকে শিলসাঁকো বিলপাৰ উন্নয়ন সমিতিৰ সভাপতিৰ ঘৰ ঘেৰাও কৰি অপদস্থ কৰা কাৰ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় সমিতিৰ লগতে উন্নয়ন সমিতিৰ প্ৰতিনিধিয়ে ৷ মঙলবাৰে বিয়লি দলবাৰী শংকৰজ্যোতি বিকাশ কেন্দ্ৰৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এক সংবাদমেল যোগে সন্মিলিত সমিতিৰ সভাপতি কামিনি মোহন শৰ্মাই কয় যে, কাৰোবাৰ প্ৰৰোচনাত পৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াৰ নেতৃত্বত কেইগৰাকীমান মহিলা আহি মোক অশালীন বক্তব্যৰ লগতে অকথ্য গালি গালাজ কৰিছে ৷ প্ৰকৃততে সভ্য সমাজত এনে কথা-বাৰ্তাই শোভা নাপায় ৷
সভাপতি গৰাকীয়ে লগতে কয়, আন্দোলনৰ নামত কৃষক মুক্তিয়ে এনেকুৱা কৰাটো উচিত হোৱা নাই ৷ আমি তাৰবাবে ধিক্কাৰ দিছোঁ কৃষক মুক্তি সংগ্ৰাম সমিতিক ৷ আন্দোলনৰ নামত কৃষক মুক্তিক ভৱিষ্যতে এনেধৰণৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে তেওঁ ৷ সন্মিলিত সমিতিৰ সভাপতি কামিনি মোহন শৰ্মাই উন্নয়ন সমিতি সমূহ চৰকাৰে গঠন কৰি দিয়া বুলি একাংশ লোকে কৰা অভিযোগ খণ্ডন কৰি কয়, এনে অভিযোগৰ কোনো ভিত্তি নাই ৷ তেওঁ আৰু কয়, 2023ৰ ফেব্ৰুৱাৰীৰ 9 তাৰিখে গঠন হৈছিল এই সমিতি খন ৷ আনহাতে মাৰ্চৰ 2 তাৰিখে 25 খন উন্নয়ন সমিতিৰ মুখ্যমন্ত্ৰীৰ সৈতে শিলসাঁকোৰ উচ্ছেদিত লোকক পুনৰ সংস্থাপন দিয়াৰ দাবীত আলোচনাত মিলিত হৈছিল ৷ সেই আলোচনাত মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বত উচ্ছেদিত পৰিয়ালক সাহাৰ্য প্ৰদানৰ বাবে এটি দল গঠন কৰা হৈছিল ৷