অসম

assam

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 2:16 PM IST

ETV Bharat / state

দেৰগাওঁ বালিজানৰ শোকাবহ পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদী, মুখ্যমন্ত্ৰীৰ

PM Modi condoles tragic road accident in Balijan: বালিজানৰ শোকাবহ পথ দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মেদী, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যয়েও শোক প্ৰকাশ কৰে ৷ ‘‘কাৰ ভুলৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হৈছে তাক চালি জাৰি চোৱা হ'ব’’ এই মন্তব্য মন্ত্ৰী শুক্লবৈদ্যৰ ৷

PM Modi condoles tragic road accident in Balijan of Dergaon
বালিজানৰ শোকাবহ পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদী

বালিজানৰ শোকাবহ পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোদী

গুৱাহাটী, 3 জানুৱাৰী :বুধবাৰে পুৱা গোলাঘাট জিলাৰ দেৰগাঁৱৰ বালিজানত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাই চকু সেমেকাই তুলিছে ৰাজ্যবাসীৰ ৷ দুৰ্ঘটনাত নিহত লোকসকলৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহতসকল যাতে পুনৰ সুস্থ হৈ উঠে তাৰে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা কৰিছে ৰাজ্যবাসীয়ে ৷

ইফালে বালিজানত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ 2 লাখ টকা আৰু আহতসকল লৈ 50 হাজাৰ টকাৰ আৰ্থিক সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে ৷

শোকাবহ ঘটনাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও শোক প্ৰকাশ কৰে ৷ সামাজিক মাধ্যমত শোক প্ৰকাশ কৰি তেওঁ কয়, ‘‘পুৱা দেৰগাঁৱত সংঘটিত কৰুণ পথ দুৰ্ঘটনাৰ খবৰটিয়ে ব্যথিত কৰিছে ৷ দুর্ঘটনাটোত অকালতে বিয়োগ হোৱা মৃতকৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰিছো ৷ এই দুখৰ মুহূৰ্তত ভুক্তভোগী পৰিয়ালসমূহক গভীৰ সমবেদনা জ্ঞাপন কৰিছো ৷ এই কঠিন সময়ত স্থানীয় প্ৰশাসনে সকলো প্ৰয়োজনীয় সহায় আগবঢ়াইছে ৷’’

আনহাতে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰি কয়, ‘‘বছৰৰ আৰম্ভণিতে এনে দুৰ্ঘটনা হ’ব বুলি কোনেও ভবা নাছিলোঁ ৷ কাৰ ভুলৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হৈছে তাক চালি জাৰি চোৱা হ'ব ৷ দোষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ ঘটনাৰ তদন্তৰ বাবে ইতিমধ্যে গুৱাহাটীৰ পৰা ঘটনাস্থলীলৈ ৰাওনা হৈছে পৰিবহন আয়ুক্ত অংকুৰ জৈন আৰু পৰিবহন সুৰক্ষাৰ মুৰব্বী গৌৰৱ উপাধ্যায় ৷’’

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শোক প্ৰকাশ কৰি কয়, ‘‘দেৰগাঁৱৰ বালিজানত সংঘটিত মর্মান্তিক পথ দুর্ঘটনাত কেইবাগৰাকী লোকৰ মৃত্যুৰ কৰুণ খবৰে আমাক ব্যথিত কৰিছে ৷ নিহতসকলৰ বিদেহী আত্মাৰ সদগতি কামনা কৰি শোকস্তব্ধ পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলো আৰু দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰিছো ৷’’

লগতে পঢ়ক :দেৰগাঁৱৰ বালিজানত হোৱা শোকবহ পথ দুৰ্ঘটনাৰ তদন্ত কৰা হ’ব : গোলাঘাট জিলা আয়ুক্ত

ABOUT THE AUTHOR

...view details