গুৱাহাটী, 24 জুন : দেশত প্ৰতিদিনে বৃদ্ধি পাইছে পেট্ৰ'ল-ডিজেলৰ মূল্য। পেট্ৰ'ল-ডিজেলৰ এই মূল্য বৃদ্ধিয়ে মাধমাৰ সোধাইছে সাধাৰণ জনতাক। মূল্য বৃদ্ধিৰ সমান্তৰালকৈ কিন্তু হ্ৰাস পাইছে পেট্ৰ'ল-ডিজেলৰ বিক্ৰী। লক ডাউনৰ পিছৰে পৰা পেট্ৰ'ল-ডিজেলৰ বিক্ৰীত ব্যাপক প্ৰভাৱ পৰিছে ৷ কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ কেন্দ্ৰ চৰকাৰে চলিত বছৰৰ মাৰ্চ মাহৰ ২৪ তাৰিখৰ পৰা দেশজুৰি ঘোষণা কৰিছিল লক ডাউন ।
প্ৰায় তিনি মাহ ধৰি দেশত চাৰিটা পৰ্যায়ৰ লক ডাউনৰ পিছত দেশৰ অৰ্থনৈতিক অৱস্থা দুৰ্বল হৈ পৰিছে । লক ডাউনৰ ফলত দোকান, বজাৰ, স্কুল, কলেজ, ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বন্ধ হৈ পৰিছিল গাড়ী-মটৰৰ চলাচল । লক ডাউনৰ পৰা দেশৰ পেট্ৰ'ল পাম্প সমূহক ৰেহাই দিয়া হৈছিল যদিও পথত গাড়ী-মটৰৰ চলাচল অবিহনে পেট্ৰ'লৰ আৰু ডিজেলৰ বিক্ৰীও হ্ৰাস পাইছে ।
বৰ্তমান লক ডাউন শিথিল হৈছে, সকলো ব্যৱস্থা কিছু স্বাভাৱিক দিশলৈ ঘুৰি আহিছে যদিও পেট্ৰ'ল-ডিজেলৰ বিক্ৰী এতিয়াও পূৰ্বৰ দৰে হৈ উঠা নাই । মহানগৰী গুৱাহাটীৰ গণেশগুৰিৰ এইখন পেট্ৰ'ল পাম্পত লক ডাউনৰ পূৰ্বে প্ৰতিদিনে ৮ পৰা ১০ হাজাৰ লিটাৰ পেট্ৰ'ল আৰু ডিজেল বিক্ৰী হৈছিল কিন্তু লক ডাউনৰ আৰম্ভণিৰ এইখন পেট্ৰ'ল পাম্পত কমি গৈছে বিক্ৰী । বৰ্তমান গুৱাহাটীত পেট্ৰ'লৰ প্ৰতিলিটাৰত মূল্য 83.98 টকা আৰু ডিজেলৰ প্ৰতিলিটাৰত মূল্য 78.56 টকা ৷