অসম

assam

ETV Bharat / state

মহানগৰৰ মালিগাঁৱত ডিঙিত চিপ লৈ আত্মহত্যা এগৰাকী ছাত্ৰীৰ

প্ৰেমজনিত কাৰণত আত্মহননৰ সন্দেহ পৰিয়ালবৰ্গৰ

মহানগৰৰ মালিগাঁৱত ডিঙিত চিপ লৈ আত্মহত্যা এগৰাকী ছাত্ৰীৰ

By

Published : Apr 12, 2019, 10:33 PM IST

গুৱাহাটী,১২ এপ্ৰিলঃ মালিগাঁৱৰ বৰিপাৰাত চাঞ্চল্যকৰ ঘটনা। ডিঙিত চিপ লৈ আত্মহত্যা এগৰাকী ছাত্ৰীৰ। শুকুৰবাৰে মহানগৰীৰ বৰিপাৰাত চিপ লৈ আত্মহত্যা কৰা অৱস্থাত উদ্ধাৰ হয় বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পম্পী বৰা নামৰ এগৰাকী ছাত্ৰী । ইফালে প্ৰেমজনিত কাৰণত আত্মহত্যাৰ সন্দেহ পৰিয়ালবৰ্গৰ ।

মহানগৰৰ মালিগাঁৱত ডিঙিত চিপ লৈ আত্মহত্যা এগৰাকী ছাত্ৰীৰ

পৰিয়ালবৰ্গই জনোৱা মতে, ছাত্ৰ গৰাকীৰ দীর্ঘদিনৰ পৰা শিৱ ৰায় নামৰ এজন যুৱকৰ লগত আছিল প্ৰেমৰ সম্পৰ্ক । বৃহস্পতিবাৰে দুয়োৰে মাজত কিবা কথাত বাক-বিতণ্ডা হোৱাৰ বাবেই আত্মহত্যা কৰে ছাত্ৰগৰাকীয়ে । ইতিমধ্যে ঘটনা সন্দৰ্ভত জালুকবাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া । অৱশ্যে তদন্তৰ পাছতেহ পোহৰলৈ আহিব আত্মহত্যাৰ ৰহস্য ।

ABOUT THE AUTHOR

...view details