অসম

assam

বাইহাটা চাৰিআলিত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ

By

Published : Jul 30, 2020, 4:25 PM IST

Updated : Jul 31, 2020, 6:56 AM IST

কামৰূপ জিলাৰ কলাজল নদীত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ ৷ মৃত মহিলা গৰাকী বিহাৰৰ মধুপুৰাৰ নিউটন কুমাৰী বুলি চিনাক্ত কৰা হৈছে ৷

One Deadbody Recovered At Baihatasariali
বাইহাটাা চাৰিআলিত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী, 30 জুলাইঃ কামৰূপ জিলাৰ বাইহাটা চাৰি আলিত এগৰাকী বিবাহিতা মহিলাৰ মৃতদেহ উদ্ধাৰ । কলাজল নদীত উদ্ধাৰ হয় মহিলা গৰাকীৰ মৃতদেহটো ।

বাইহাটাা চাৰিআলিত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ

উল্লেখ্য যে,বাইহাটা চাৰিআলিৰ কলাজল নদীত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ ৷ মৃত মহিলা গৰাকী বিহাৰৰ মধুপুৰাৰ নিউটন কুমাৰী বুলি চিনাক্ত কৰে স্বামীয়ে । দুটি কন্যা সন্তানৰ মাতৃ নিউটন কুমাৰী যোৱা ২৯ জুলাইৰ পুৱাৰ পৰাই নিৰুদ্দেশ হৈ আছিল । ৰে'ল বিভাগত চাকৰি কৰা স্বামী বিকাশ কুমাৰ শৰ্মাৰ লগতে বহু দিনৰ পৰা ভাড়াতীয়া হিচাপে আছিল বাইহাটা ৰেল ষ্টেচনৰ সমীপত। পত্নী নিৰুদ্দেশ হোৱাৰ পিচৰে পৰা স্বামী বিকাশ কুমাৰে আত্মীয়ৰ ওচৰত বিচাৰ খোচাৰ কৰিছিল যদিও কোনো সম্ভেদ উলিয়াব পৰা নাছিল । বৃহস্পতিবাৰে হঠাৎ কলাজল নদীত মৃতদেহটো ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰে স্থানীয় ৰাইজ তথা আৰক্ষীয়ে । দুটি শিশু সন্তাক এৰি কিদৰে মহিলা গৰাকী আত্মহত্যা কৰিলে সেয়া এক বৃহৎ প্ৰশ্ন উদয় হৈছে স্থানীয় লোক সকলৰ মাজত ।

লগতে পঢ়ক- হাইলাকান্দিত মৃত মহিলাৰ দেহত কৰ’ণা ভাইৰাছ

Last Updated : Jul 31, 2020, 6:56 AM IST

ABOUT THE AUTHOR

...view details