অসম

assam

ETV Bharat / state

প্ৰকাশ পালে NRC চূড়ান্ত তালিকা

প্ৰকাশ পালে NRC চূড়ান্ত তালিকা ৷ চূড়ান্ত তালিকা অন্তৰ্ভুক্ত 3 কোটি 11 লাখ 21 হাজাৰ 4 জনৰ নাম ৷

By

Published : Aug 31, 2019, 10:34 AM IST

Updated : Aug 31, 2019, 11:30 AM IST

nrc-list-published-in-assam

  • প্ৰকাশ পালে NRC চূড়ান্ত তালিকা
  • পুৱা 10 বজাত প্ৰকাশ পালে চূড়ান্ত তালিকা
  • চূড়ান্ত তালিকা অন্তৰ্ভূক্ত 3 কোটি 11 লাখ 21 হাজাৰ 4 জনৰ নাম
  • বাদ পৰিল 19 লাখ 6 হাজাৰ 657 জনৰ নাম
  • উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত 2013 চনৰ পৰা কাৰ্যকৰী কৰা হৈছিল NRC উন্নীতকৰণ কাম
  • এই প্ৰক্ৰিয়াত তীক্ষ্ন দৃষ্টি ৰাখিছিল উচ্চতম ন্যায়ালয়ে
  • ভাৰতৰ বাকী ৰাজ্যৰ তুলনাত অসমত পৃথককে কৰা হৈছিল NRC ৰ কাম
  • Rule 4 A, Registration of Citizens and Issue of National Identity Cards Rules, 2003 অধীনত কৰা হৈছিল NRC ৰ কাম
  • অসম চুক্তিৰ আধাৰত বিদেশী চিনাক্তৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল 1971 চনৰ 24 মাৰ্চ তাৰিখ
  • NRC ৰ আবেদনৰ কাম আৰম্ভ হৈছিল 2015 চনৰ মে’ মাহৰ শেষৰ পৰা 2015 চনৰ 31 আগষ্টলৈ
  • মুঠ 3,30,27,661 কোটি লোকে 68,37,660 খন আবেদনৰে আবেদন কৰিছিল
  • 2018 চনৰ 30 জুলাইত প্ৰকাশ পাইছিল পূৰ্ণাংগ খচৰা
  • য’ত নাম অন্তৰ্ভূক্ত হৈছিল 2,89,83,677 জন লোকৰ নাম
  • আনহাতে পুনৰ আবেদন জনাইছিল 36,26,630 জন লোকে
  • অতিৰিক্ত খচৰাত প্ৰকাশ পাইছিল চলিত বৰ্ষৰ 26 জুনত
  • য’ত নাম অন্তৰ্ভুক্ত নাছিল 1,02,462 জন লোকৰ নাম
Last Updated : Aug 31, 2019, 11:30 AM IST

ABOUT THE AUTHOR

...view details