গুৱাহাটী, 11 নৱেম্বৰঃসোণালী দিন ঘূৰি আহিছে গ্ৰন্থমেলালৈ ৷ এইবাৰৰ উত্তৰ-পূৱ গ্ৰন্থমেলাই গ্ৰন্থ বিক্ৰেতালৈও আনিছে আশাৰ বতৰা ৷ পূৰ্ৱৰ বছৰসমূহৰ তুলনাত এইবাৰ গ্ৰন্থমেলাত ব্যাপক হাৰত বিক্ৰী হৈছে গ্ৰন্থ ৷ গ্ৰন্থমেলা বাকৰিত পঢ়ুৱৈৰ আগমনো যথেষ্ট বৃদ্ধি পাইছে ৷ নিজৰ প্ৰিয় লিখকৰ গ্ৰন্থ বিচাৰি বিপণীয়ে বিপণীয়ে ভিৰ কৰিছে গ্ৰন্থপ্ৰেমীসকলে ৷
সোণালী দিন ঘূৰি আহিছে গ্ৰন্থমেলালৈ
পূৰ্ৱৰ বছৰসমূহৰ তুলনাত উন্নত দিন উভতি আহিছে গ্ৰন্থমেলালৈ ৷ নিজৰ প্ৰিয় লিখকৰ গ্ৰন্থ বিচাৰি বিপণীয়ে বিপণীয়ে ভিৰ কৰিছে গ্ৰন্থপ্ৰেমীয়ে ৷ এইবাৰ গ্ৰন্থমেলাৰ বাকৰিত ন-পুৰণি লিখকৰ মুঠ 300খন গ্ৰন্থও উন্মোচন কৰা হৈছে ৷
সোণালী দিন ঘূৰি আহিছে গ্ৰন্থমেলালৈ
উল্লেখ্য যে, 1 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই গ্ৰন্থ মেলাখনত বৰ্তমানলৈকে প্ৰায় ১ লাখ ৪০ হাজাৰ গ্ৰন্থ প্ৰেমীৰ সমাগম ঘটিছে ৷ লগতে এইবাৰ গ্ৰন্থমেলাৰ বাকৰিত ন-পুৰণি লিখকৰ মুঠ 300খন গ্ৰন্থ উন্মোচন কৰা হৈছে ৷