গুৱাহাটী, 24 ফেব্ৰুৱাৰীঃ ছাৰ্জিল ইমামৰ সৈতে এআইইউডিএফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ কোনো সম্পৰ্ক নাই, এই মন্তব্য দলটোৰ সম্পাদক আমিনুল ইছলামৰ ৷ গুৱাহাটীৰ হাতীগাঁৱস্থিত এআইইউডিএফৰ মুখ্য কাৰ্যালয়ত সোমবাৰে এক সংবাদমেল সম্বোধন কৰি ছাৰ্জিল ইমামৰ সৈতে বদৰুদ্দিন আজমল তথা আমাৰ দলৰ সৈতে কোনো সংযোগ হোৱা নাই বুলি উল্লেখ কৰে আমিনুল ইছলামে ৷ ইয়াৰোপৰি বিগত বৰ্ষৰ 9 নৱেম্বৰত এআইইউডিএফ দলে দিল্লীত ''কা''ৰ বিৰুদ্ধে এক প্ৰতিবাদ কৰিছিলো ৷ সেই প্ৰতিবাদত জেএনইউ, জামিয়া মিলিয়া আদিৰ দৰে শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীও অংশগ্ৰহণ কৰিছিল ৷ যদি তাত ছাৰ্জিল ইমাম উপস্থিত আছিল আমি তেতিয়া সেইজনেই যে ছাৰ্জিল ইমাম আমি জ্ঞাত নাছিলো বুলিও আমিনুল ইছলামে উল্লেখ কৰে ৷
ছাৰ্জিল ইমামৰ সৈতে বদৰুদ্দিন আজমলৰ কোনো সম্পৰ্ক নাইঃ আমিনুল ইছলাম - সম্পাদক আমিনুল ইছলাম
গুৱাহাটীৰ হাতীগাঁৱস্থিত এআইইউডিএফৰ মুখ্য কাৰ্যালয়ত সোমবাৰে এক সংবাদমেল সম্বোধন কৰি ছাৰ্জিল ইমামৰ সৈতে বদৰুদ্দিন আজমল তথা আমাৰ দলৰ সৈতে কোনো সংযোগ হোৱা নাই বুলি উল্লেখ কৰে আমিনুল ইছলামে ৷ সাংসদগৰাকীক বদনাম কৰাৰ বাৰে আৰু এই অপপ্ৰচাৰ চলোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে ৷
ছাৰ্জিল ইমামৰ সৈতে বদৰুদ্দিন আজমলৰ কোনো সম্পৰ্ক নাইঃ আমিনুল ইছলাম
উল্লেখ্য যে আমাৰ সৈতে ছাৰ্জিল ইমামৰ কোনো চা-চিনাকী নাই ৷ বিভিন্ন সময়ত এআইইউডিএফৰ মুৰৰবী মৌলানা বদৰুদ্দিন আজমলৰ সৈতে শিক্ষার্থীসকল আহি লগ ধৰি বিভিন্ন কথা বাৰ্তাৰ ওপৰত আলোচনা কৰে ৷ তাৰ মাজত ছাৰ্জিল ইমামো থাকিব পাৰে ৷ কিন্তু আমাৰ দলৰ বা মৌলানা বদৰুদ্দিন আজমলৰ সৈতে ছাৰ্জিল কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰে সম্পাদকগৰাকীয়ে ৷ আনহাতে উমৰা হজৰ বাবে মৌলানা বদৰুদ্দিন আজমল বৰ্তমান মক্কাত আছে ৷ সাংসদগৰাকীক বদনাম কৰাৰ বাৰে আৰু এই অপপ্ৰচাৰ চলোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে ৷