অসম

assam

By

Published : Nov 6, 2019, 1:11 AM IST

ETV Bharat / state

ভূপেন দাক স্মৰণ কৰি জালুকবাৰীত উপস্থিত শিল্পী নীলপৱন বৰুৱা

ভূপেন দা বিহীন আজি আঠটা বৰ্ষ পাৰ হ'ল । কিন্তু প্ৰতিজন অসমীয়াৰ মনত আজিও জীয়াই আছে সুধাকণ্ঠ ভূপেন হাজৰিকা । মানৱতা তথা সমন্বয়ৰ গীত গাই যোৱা শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত ভীৰ কৰিলে অগণন গুণমুগদ্ধই ।

ভূপেন দাক স্মৰণ

গুৱাহাটী, 5 নৱেম্বৰঃ ভূপেন দাক স্মৰণ কৰিবলৈ শাৰিৰীক অসুস্থতায়ো বাধা দিব নোৱাৰিলে শিল্পী নীলপৱন বৰুৱাক ৷বুধবাৰেৰাজ্যজুৰি সোঁৱৰণ কৰা হয় বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাক। ভূপেন দা বিহীন আজি আঠটা বৰ্ষ পাৰ হ'ল । কিন্তু প্ৰতিজন অসমীয়াৰ মনত আজিও জীয়াই আছে সুধাকণ্ঠ ভূপেন হাজৰিকা । মানৱতা তথা সমন্বয়ৰ গীত গাই যোৱা শিল্পীগৰাকীক শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ জালুকবাৰীস্থিত ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত ভীৰ কৰিলে অগণন গুণমুগদ্ধই ।

জালুকবাৰীত উপস্থিত শিল্পী নীলপৱন বৰুৱা

ইয়াৰ মাজতে সমাধিক্ষেত্ৰলৈ আহি সুধাকণ্ঠক স্মৰণ কৰে শিল্পী নীলপৱন বৰুৱাই । ৰুগীয়া দেহা স্বত্বেও সমাধিক্ষেত্ৰলৈ আহে ৰং তুলিকাৰে নিজৰ জীৱন পাৰ কৰা বিশিষ্ট শিল্পীগৰাকী । শাৰিৰীক অসুস্থতা স্বত্বেও ভূপেন দাৰ মৃত্যু বাৰ্ষিকীত সহস্ৰজনৰ স'তে ভূপেন দাক সোঁৱৰিলে শিল্পীগৰাকীয়ে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details