অসম

assam

চাৰি সপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিনত মুকলি ৰঞ্জন দৈমাৰী

By

Published : Jan 25, 2020, 6:58 PM IST

2008 বৰ্ষৰ ধাৰাবাহিক বোমাবিস্ফোৰণৰ বাবে আজীৱন কাৰাদণ্ড প্ৰদান কৰা হৈছিল ৰঞ্জন দৈমাৰীক ৷ তেখেতৰ উকিলে তেখেতৰ জামিনৰ বাবে অবেদন দাখিল কৰাৰ পিচতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে তেখেতক চাৰিসপ্তাহৰ বাবে অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰে ৷

NDFB(R) LEADER RANJAN DAIMARY WALKS OUT OF JAIL
চাৰি সপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিনত মুকলি ৰঞ্জন দৈমাৰী

গুৱাহাটী,25 জানুৱাৰীঃজামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিল ২০০৮ৰ গুৱাহাটীৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰী ৷ শনিবাৰে কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হয় নেচনেল ডেম’ক্ৰেটিক ফ্ৰন্ট অফ বড়োলেণ্ড(NDFB-R)ৰ অধ্যক্ষ ৰঞ্জন দৈমাৰীক ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে চাৰি সপ্তাহৰ বাবে তেখেতৰ অন্তৰ্ৱৰ্তীকালীন জামিন মঞ্জুৰ কৰাৰ পিছতেই তেখেতক মুকলি কৰি দিয়া হয় ৷ কাৰাগাৰৰ পৰা জামিন লাভ কৰিয়েই দৈমাৰীয়ে শান্তি আলোচনাত অংশগ্ৰহণৰ বাবে চাৰ্টাৰ্ড বিমানযোগে নতুন দিল্লীলৈ উৰা মাৰে ৷

চাৰি সপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিনত মুকলি ৰঞ্জন দৈমাৰী

উল্লেখযোগ্য যে, 2008 বৰ্ষৰ ধাৰাবাহিক বোমাবিস্ফোৰণৰ বাবে তেখেতক আজীৱন কাৰাদণ্ড প্ৰদান কৰা হৈছে ৷ তেখেতৰ অধিবক্তাই জামিনৰ বাবে অবেদন দাখিল কৰাৰ পিছতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে তেখেতক চাৰিসপ্তাহৰ বাবে অন্তৰ্ৱৰ্তীকালীন জামিন প্ৰদান কৰে ৷ অসম চৰকাৰ আৰু গৃহ মন্ত্ৰণালয়ে শান্তি প্ৰক্ৰিয়া সন্দৰ্ভত 'No Objection' জাননী প্ৰেৰণ কৰে ৷

ইয়াৰ পূৰ্বে চলিত মাহৰ 16 জানুৱাৰীত এনডিএফবি(এচ) আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত যুদ্ধবিৰতি স্বাক্ষৰিত কৰা হয় ৷ এনডিএফবি(এচ)ৰ সদস্য আৰু নেতাই প্ৰকাশ কৰে যে তেওঁলোকে শান্তিৰ পক্ষে কাম কৰিব বিচাৰে আৰু সেয়েহে তেওঁলোক মূলসূঁতিলৈ ঘুৰি আহিছে ৷

চাৰি সপ্তাহৰ অন্তৰ্ৱৰ্তীকালীন জামিনত মুকলি ৰঞ্জন দৈমাৰী

আনহাতে, দৈমাৰীক সম্বৰ্ধনা জনাবলৈ বহু সমৰ্থকৰ সমাগম ঘটে কেন্দ্ৰীয় কাৰাগাৰৰ বাহিৰত । কাৰাগাৰৰ পৰা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে লৈ যোৱা হয় দৈমাৰীক । উল্লেখযোগ্য যে, চৰকাৰ প্ৰশাসনৰ পৰা সকলো সময়তে দৈমাৰীক প্ৰদান কৰা হ’ব বিশেষ নিৰাপত্তা ব্যৱস্থা ।

লগতে পঢ়ক - চৰকাৰৰে শান্তি আলোচনা : কি কি চৰ্ত ৰাখিছে বড়ো জনগোষ্ঠীয় সংগঠনে !

ABOUT THE AUTHOR

...view details