অসম

assam

By

Published : Aug 28, 2019, 7:13 PM IST

ETV Bharat / state

খ্ৰীষ্টমাছৰ পূৰ্বেই নগাচুক্তিৰ আলোচনা

খ্ৰীষ্টমাছৰ পূৰ্বেই বহু বিতৰ্কিত নগা চুক্তি সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে শান্তি আলোচনাত মিলিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰৰ শীৰ্ষ সূত্ৰই ৷ শেহতীয়াকৈ নগা শান্তি চুক্তিৰ মধ্যস্থতাকাৰী হিচাপে থকা আৰ এন ৰবিক কেন্দ্ৰীয় চৰকাৰে নাগালেণ্ডৰ ৰাজ্যপাল নিযুক্ত কৰিছে ৷

খ্ৰীষ্টমাছৰ পূৰ্বেই নগাচুক্তিৰ আলোচনা

নিউজ ডেস্ক, 28 আগষ্টঃ দশকযুৰি চলি অহা নগা শান্তি চুক্তি সন্দৰ্ভত আলোচনাত মিলিত হোৱা সম্ভাৱনা ব্যক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷ চলিত বৰ্ষৰ পবিত্ৰ বৰদিনৰ পূৰ্বেই নগা শান্তি আলোচনা অনুষ্ঠিত কৰাৰ বাবে যোজা চলাইছে প্ৰধানমন্ত্ৰী কাৰ্যালয়কে ধৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ বিশেষ সূত্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি, নগা শান্তি আলোচনাৰ বাবে ভাৰত চৰকাৰে নিযুক্ত কৰা মধ্যস্থতাকাৰী আৰএন ৰবি আৰু নগা নেতাসকলৰ মাজত আলোচনা অনুষ্ঠিত হৈ গৈছে ৷ বিগত জুন মাহত দুয়োপক্ষৰ মাজত এক বৈঠক অনুষ্ঠিত হৈ গৈছে ৷ কিন্তু আলোচনাত নগাই বিছৰা ধৰণে অসম, অৰুণাচল, মণিপুৰ আৰু অৰুণাচলৰ কোনো অংশই শান্তি আলোচনাৰ গণ্ডীলৈ নাহিব বুলি জানিব পৰা গৈছে ৷

দেশৰ জ্যেষ্ঠ সাংবাদিক, দীপক দিৱানে ইটিভি ভাৰতৰ আগত কয় যে, "কেন্দ্ৰীয় চৰকাৰে সেইসমূহ অঞ্চলৰ প্ৰাদেশিক সীমাক লৈ কোনোধৰণৰ বুজাবুজি নকৰে ৷ হয়টো অসম, মণিপুৰ, অৰুণাচল প্ৰদেশৰ নগা বসতিপ্ৰধান অঞ্চলত সাংস্কৃতিক আয়োগ গঠনৰ বিষয়ে উল্লেখ কৰিব পাৰে চৰকাৰে ৷" উল্লেখ্য যে, নগা শান্তি চুক্তিৰ ওপৰত বহুবছৰ ধৰি সংবাদ পৰিবেশন কৰি আহিছে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে ৷

খ্ৰীষ্টমাছৰ পূৰ্বেই নগাচুক্তিৰ আলোচনা

উল্লেখ্য যে, বৰ্তমান সময়ত নগাসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া আন্দোলনৰ আলোচনা বিচাৰি দাবী জনাই আহিছে ৷ নগাসকলে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত পৃথক সংবিধান আৰু পৃথক পতাকা প্ৰদান কৰাৰ দাবী উত্থাপন কৰি আহিছে ৷ নগাসকলৰ সশস্ত্ৰ বিদ্ৰোহৰ গুৰিধৰোতা এনএছচিএন (আইএম)এ 1997 চনৰ পৰাই যুদ্ধবিৰতিত আছে ৷ 2015 চনৰ 3 আগষ্টত "নগা ফ্ৰেমৱৰ্ক"ত উপনীত হৈছিল ৷ শেহতীয়াকৈ আৰএন ৰবিক নাগালেণ্ডৰ ৰাজ্যপাল নিযুক্ত কৰাৰ পিচতে নগাসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পৰিব বুলি ধাৰণা কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details