অসম

assam

ETV Bharat / state

অম্বুবাচীলৈ অহা ভক্তৰ মাজত পানী বিতৰণ মুছলিম সমাজৰ

ভক্তসকলৰ সুবিধাৰ্থে মুছলিম সমাজৰ বিশেষ পদক্ষেপ । কামাখ্যালৈ যোৱা পথত ভক্তসকলৰ মাজত পানী বিতৰণ গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ আৰু মুছলিম কল্যান পৰিষদৰ ।

By

Published : Jun 23, 2019, 5:22 PM IST

অম্বুবাচীলৈ অহা ভক্তৰ মাজত পানী বিতৰণ মুছলিম সমাজৰ

গুৱাহাটী, 23 জুন : মহা অম্বুবাচী মেলাৰ আজি দ্বিতীয়টো দিন । দেশী বিদেশী ভক্তৰে ভৰি পৰিছে নীলাচল পাহাৰ। ভক্তসকলৰ সুবিধাৰ্থে মুছলিম সমাজৰ বিশেষ পদক্ষেপ । কামাখ্যালৈ যোৱা পথত ভক্তসকলৰ মাজত পানী বিতৰণ মুছলিম সমাজৰ। সদৌ অসম গৰিয়া মৰিয়া যুৱ ছাত্ৰ পৰিষদ আৰু মুছলিম কল্যান পৰিষদে ভক্তসকলৰ মাজত যোগান ধৰে বিশুদ্ধ খোৱাপানী । প্ৰতিবছৰে এই ইছলামিক সংগঠন কেইটাই অম্বুবাচীলৈ অহা ভক্তৰ মাজত যোগান ধৰে খোৱাপানী ।

অম্বুবাচীলৈ অহা ভক্তৰ মাজত পানী বিতৰণ মুছলিম সমাজৰ
ইফালে মুছলিম সংগঠন কেইটাৰ এই পদক্ষেপক শলাগ লয় অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী আৰু সমাজকৰ্মী জোনমণি দেৱী খাউণ্ডে । শংকৰ আজানৰ দেশৰ এয়া ভাতৃত্ববোধৰ চানেকি, যত হিন্দু-মুছলমান উভয়ে একত্ৰিত হৈ পালন কৰে সকলো উৎসৱ-পাৰ্ৱন। বিভেদকামী শক্তিৰ বিপৰীতে এই দৃশ্য সঁচাই শলাগ ল'বলগীয়া ।

ABOUT THE AUTHOR

...view details