গুৱাহাটী, 3 ফেব্ৰুৱাৰী: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা (Crime in Assam) ৷ বিশেষকৈ অপৰাধ আৰু অপৰাধীৰ যেন ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰী ৷ মহানগৰীত ড্ৰাগছ, গাঞ্জা, চুৰি ডকাইতি, হত্যা, ধৰ্ষণকে আদি কৰি বৃদ্ধি পাইছে বিভিন্ন অপৰাধজনিত ঘটনা ৷
দিন দুপৰতে হত্যাৰ দৰে ঘটনা সংঘটিত হোৱাৰ লগতে আনকি এতিয়া নিজৰ ঘৰখনো যেন সুৰক্ষিত হৈ থকা নাই মহানগৰীত ৷ শেহতীয়াকৈ মহানগৰীত তেনে এক ঘটনাই সংঘটিত হৈছে ৷ মাজনিশা ঘৰৰ ভিতৰত শুই থাকোতেই আক্ৰমণ কৰি হত্যাৰ চেষ্টা চলালে দুৰ্বৃত্তই (Mother and son attacked by miscreants in Guwahati) ।
যোৱা বুধবাৰে মহানগৰীৰ ৰাজধানী মছজিদৰ সমীপৰ দেৱদাৰু পথৰ এঘৰত নিশা প্ৰায় এক মান বজাত সংঘটিত হৈছিল এই ঘটনা ৷ ঘটনাৰ বিৱৰণী অনুসৰি বৃহস্পতিবাৰে নিশা ঘৰখনৰ গৰাকী অধিবক্তা নিৰুপমা শইকীয়া আৰু পুত্ৰ অভিজিৎ শইকীয়া অন্য দিনাৰ দৰেই শুই আছিল ৷ শুই থকা অৱস্থাতে অচিনাক্ত দুৰ্বৃত্তই মনে মনে প্ৰৱেশ কৰে ঘৰৰ ভিতৰত ৷
ঘৰখনৰ ভিতৰত প্ৰৱেশ কৰি প্ৰথমে অধিবক্তা নিৰুপমা শইকীয়াক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ তাৰ পিছতে অধিবক্তাগৰাকীৰ পুত্ৰ অভিজিৎ শইকীয়াক উপৰ্যুপৰি আক্ৰমণ চলাই দুৰ্বৃত্তই ৷ ইফালে দুৰ্বৃত্তৰ আক্ৰমণৰ পৰা মাতৃ-পুত্ৰই প্ৰাণ ৰক্ষাৰ স্বাৰ্থত কৰিলে চিঞৰ-বাখৰ ৷ ফলত ধৰা পৰাৰ ভয়ত সেই স্থানৰ পৰা পলায়ন কৰে দৃৰ্বৃত্তটো (Attempted murder in Nagaon) ৷