অসম

assam

ETV Bharat / state

নেতাৰ সোঁত আৰম্ভ: 14 ত ৰাহুল, 22 ফেব্ৰুৱাৰীত পুনৰ মোডী

এইবাৰ মোডীৰ লক্ষ্য মাজুলী-চিলাপথাৰ । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যলৈ সঘনাই আহ-যাহ চলিছে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতাসকলৰ ৷

By

Published : Feb 13, 2021, 11:49 AM IST

Updated : Feb 13, 2021, 12:34 PM IST

অসমলৈ বৈছে ৰাজনৈতিক নেতাৰ সোঁত
অসমলৈ বৈছে ৰাজনৈতিক নেতাৰ সোঁত

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰীঃ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অসমলৈ বিভিন্ন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ নেতাৰ আগমন ক্ৰমাৎ তীব্ৰ হ’বলৈ আৰম্ভ কৰিছে । কিছুদিন পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শিৱসাগৰ আৰু ঢেকিয়াজুলিত দুখনকৈ সভাত ভাগ লৈ যোৱা এমাহ নৌহঁওতেই পুনৰ অসমলৈ অহাৰ প্ৰস্তুতি চলিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ।

২২ ফেব্ৰুৱাৰীত পুনৰ মোদীৰ আগমন

মোডীৰ পৰৱৰ্তী লক্ষ্য মাজুলী আৰু চিলাপথাৰ । 22 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে মাজুলী আৰু চিলাপথাৰত দুখনকৈ বিশাল সভাত ভাগ ল’ব । একেদৰে পিছ পৰি থকা নাই বিৰোধী কংগ্ৰেছ দলো । 14 ফেব্ৰুৱাৰীত শিৱসাগৰলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী ৷ শিৱসাগৰৰ ব'ৰ্ডিং ফিল্ডত এখন সভাত সেইদিনাই অংশ ল’ব কংগ্ৰেছ যুৱৰাজগৰাকীয়ে । কেৱল সিমানেই নহয়, বৰাক উপত্যকা আৰু উত্তৰ অসমৰো দুখন ঠাইত তেওঁ দুখনকৈ সভাত ভাগ লোৱাৰ কথা জানিব পৰা গৈছে ৷

অসমলৈ বৈছে ৰাজনৈতিক নেতাৰ সোঁত

লগতে পঢ়ক:73 বছৰে বিদ্যুতৰ পোহৰ নেদেখা মিছামাৰীৰ এখন গাঁও

Last Updated : Feb 13, 2021, 12:34 PM IST

ABOUT THE AUTHOR

...view details