অসম

assam

By

Published : Mar 12, 2022, 4:09 PM IST

ETV Bharat / state

বিজেপিত ১ নম্বৰৰ পৰা ১০ নম্বৰলৈ সকলোতে কেৱল মোডী : মুখতাৰ আব্বাছ নাকভি

গুৱাহাটীত কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী তথা ৰাজ্যসভাৰ উপ-দলপতি মুখতাৰ আব্বাছ নাকভি (Minister Mukhtar Abbas Naqvi at Guwahati)। তেওঁৰ মতে মোডীৰ নেতৃত্বক লৈ বিজেপিত কাৰো কোনো দ্বিমত নাই তথা কোনো বিতৰ্ক নাই । নৰেন্দ্ৰ মোডী শীৰ্ষ আৰু জনপ্ৰিয় নেতা । বিজেপিৰ নীতি তথা মোডীৰ নীতি অসমতো প্ৰযোজ্য ।

Guwahati
মুখতাৰ আব্বাছ নাকভি

গুৱাহাটী,১২ ম‍াৰ্চ : বিজেপিত কোনো দ্বিতীয় নাই, সকলোতে কেৱল নৰেন্দ্ৰ মোডী । ১ নম্বৰৰ পৰা ১০ নম্বৰলৈ সকলোতে কেৱল নৰেন্দ্ৰ মোডী । এই মন্তব্য কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী তথা ৰাজ্যসভাৰ উপ-দলপতি মুখতাৰ আব্বাছ নাকভিৰ (Minority Affairs Minister Mukhtar Abbas Naqvi)। শুকুৰবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰাৰ পাছত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ এইদৰে কয় (Minister Mukhtar Abbas Naqvi at Guwahati)।

বিজেপিত ১ নম্বৰৰ পৰা ১০ নম্বৰলৈ সকলোতে কেৱল মোডী : মুখতাৰ আব্বাছ নাকভি

তেওঁ কয় যে মোডীৰ নেতৃত্বক লৈ বিজেপিত কাৰো কোনো দ্বিমত নাই তথা কোনো বিতৰ্ক নাই । নৰেন্দ্ৰ মোডী শীৰ্ষ আৰু জনপ্ৰিয় নেতা বুলি উল্লেখ কৰি তেওঁ কয় যে নৰেন্দ্ৰ মোডী বিজেপিৰ সকলোৰে নেতা (Minister Mukhtar Abbas Naqvi praises PM Modi)। ইয়াক লৈ অযথা বিতৰ্ক কৰি কোনো লাভ নাই । সমগ্ৰ বিশ্বত মোডী শান্তিৰ প্ৰতীক তথা প্ৰগতিৰ 'আইকন' হিচাপে পৰিগণিত হৈছে ।

আনহাতে সংখ্যালঘুৰ প্ৰসংগত তেওঁ কয় যে সংখ্যালঘু লোকসকল দেশৰ এটা বৃহৎ অংশ আৰু এই অংশটোক এটা চক্ৰই প্ৰগতিৰ মূল ধাৰাৰ পৰা বাহিৰত ৰখাৰ প্ৰয়াস কৰি আহিছে । কিন্তু মোডী চৰকাৰৰ বিগত আঠ বছৰীয়া কাৰ্যকালত সংখ্যালঘু লোকসকলৰ সমবিকাশ আৰু সমউন্নয়ন কৰা হৈছে । যাৰ পৰিণাম স্বৰূপে শেহতীয়া নিৰ্বাচনত সংখ্যালঘু লোকসকলে বিজেপিৰ পক্ষত ভোটদান কৰিছে ।

তেওঁ কয় যে বিজেপিয়ে সকলো সম্প্ৰদায়ৰ আস্থা আৰু বিশ্বাস লাভ কৰিবলৈ সক্ষম হৈছে । বিজেপিৰ নীতি তথা মোডীৰ নীতি অসমতো প্ৰযোজ্য । ইয়াত কোনো পৃথকতা নাই বুলি তেওঁ কয় ।

লগতে পঢ়ক :গুৱাহাটীত প্ৰথমবাৰৰ বাবে দহদিনীয়া কাৰ্যসূচীৰে 'হু'নৰ হাট'

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details