অসম

assam

ETV Bharat / state

Protest for salary: মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল কাহিলিপাৰা - মধ্যাহ্ন ভোজন কৰ্মচাৰী

গুৱাহাটীৰ কাহিলিপাৰাস্থ সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ সন্মুখত সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ প্ৰতিবাদ (Mid day meal workers protest in Kahilipara) । মধ্যাহ্ন ভোজন কৰ্মীৰ সমস্ত বকেয়া মাননি আগন্তুক মাঘ বিহুৰ আগতে আদায় দিয়াৰ দাবী । বছৰটোৰ ১২ মাহৰ বাবেই মাননি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে ন্যূনতম মজুৰিৰ ভিত্তিত ৰন্ধনকৰ্মীক মাহিলি ৭২০০ টকাকৈ অতিৰিক্ত মাননি দিয়াৰ দাবী প্ৰতিবাদকাৰীৰ ।

মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ
Protest for salary

By

Published : Jan 6, 2023, 6:48 PM IST

মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

গুৱাহাটী, ৬ জানুৱাৰী: বিভিন্ন সমস্যা সমাধানৰ দাবীত শুকুৰবাৰে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে গুৱাহাটীৰ কাহিলিপাৰাস্থিত সৰ্বশিক্ষা অভিযান মিছনৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকৰ সমস্যাসমূহ সমাধানৰ দাবীত বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে (Mid day meal workers protest) ।

সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ সাধাৰণ সম্পাদিকা কনকলতা দাসে কয় যে, মধ্যাহ্ন ভোজন আঁচনি ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ৰন্ধন কৰ্মীসকলে সামান্য মাননিখিনিও মাহৰ পাছত মাহ ধৰি নোপোৱাকৈ থাকে (Mid day meal workers in Assam) । বছৰেকত ১০ মাহৰ মাননি ৮ মাহলৈকে বকেয়া হৈ থাকে । বিগত বছৰৰ ২৫ নৱেম্বৰৰ আন্দোলনৰ পাচত পাঁচ মাহৰ মুঠ ৫০০০ টকাকৈহে মুকলি কৰি দিয়া হয় যদিও তিনিমাহৰ বাকীয়েই থাকিল বুলি নেতৃগৰাকীয়ে উল্লেখ কৰে ।

তেওঁ লগতে কয় যে, অসম চৰকাৰে ধার্য কৰা ন্যূনতম মজুৰিৰ ভিত্তিত ৰাজ্যখনৰ ৰন্ধন কৰ্মীসকলক অতিৰিক্ত ৭২০০ টকা মাননি দিয়াৰ বাবে দীৰ্ঘদিন ধৰি উত্থাপিত দাবীক কৰ্তৃপক্ষই আওকাণ কৰি আহিছে । চৰকাৰে মধ্যাহ্ন ভোজন আঁচনি বেচৰকাৰী প্ৰতিষ্ঠান ‘অক্ষয় পাত্র ফাউণ্ডেশ্বন' লৈ হস্তান্তৰ কৰিব বিচাৰিছে । চৰকাৰৰ এই পদক্ষেপে ৰন্ধন কৰ্মীসকলৰ সামান্য মাননিৰ কামটোৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিছে (Mid day meal workers deprive of salary)।

লগতে পঢ়ক:Assam District Abolishing: চাৰি জিলা কৰ্তন মুখ্যমন্ত্ৰীৰ শিশু সুলভ সিদ্ধান্ত, লুৰীণজ্যোতি গগৈ

কনকলতা দাসে আৰু কয় যে, দীর্ঘদিনে প্রাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ৰন্ধনকাৰ্যৰ উপৰি চাফাই কৰ্মী, চকীদাৰ আদিৰ দায়িত্বও ৰন্ধন কৰ্মীসকলে পালন কৰি আহিছে । ৰন্ধনকৰ্মীসকলৰ বাবে পেঞ্চন, বীমা, চিকিৎসা সাহায্য আদি সামাজিক সুৰক্ষাৰ দাবীক কৰ্তৃপক্ষই উপেক্ষা কৰি আহিছে । ইফালে প্ৰতিবাদকাৰী সকলে অভিযোগ কৰি কয় যে, কংগ্ৰেছ চৰকাৰে বিশেষকৈ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে ৰন্ধন কৰ্মীসকলৰ কথা অলপ হ’লেও চিন্তা কৰিছিল । কিন্তু বিজেপি চৰকাৰে অলপো চিন্তা নকৰে । বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰী সকলে (Mid day meal workers on protest)।

আনহাতে, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে সমস্ত বকেয়া মাননি আগন্তুক মাঘ বিহুৰ আগতে আদায় দিয়াৰ বাবে দাবী জনাইছে । ইয়াৰ লগতে মাননি নিয়মীয়াকৈ আদায় দিয়াৰ লগতে বছৰটোৰ ১২ মাহৰ বাবেই মাননি দিয়াৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে ইউনিয়নে । তদুপৰি ইউনিয়নে ন্যূনতম মজুৰিৰ ভিত্তিত ৰন্ধনকৰ্মীক মাহিলি ৭২০০ টকাকৈ অতিৰিক্ত মাননি দিয়া, ৰন্ধনকৰ্মীৰ কাৰ্যকাল সমাপ্তিৰ পাছত ৩ লাখ টকাকৈ এককালীন সাহায্য দিয়া, আঁচনি ব্যক্তিগতকৰণ অভিযান বন্ধ কৰি অক্ষয় পাত্ৰ ফাউণ্ডেশ্বনৰ পৰা আঁচনি ৰূপায়ণৰ দায়িত্ব চৰকাৰৰ হাতলৈ ওভোটাই অনা আৰু ৰন্ধনকৰ্মীসকলৰ বাবে সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰাৰ দাবী জনাইছে ।

প্ৰতিবাদী কাৰ্যসূচীৰ যোগেদি সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে দাবী সম্বলিত স্মাৰক পত্র সংশ্লিষ্ট কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে । ৰন্ধন কৰ্মীৰ প্ৰতিবাদী কাৰ্যসূচীৰ ফলত কাহিলিপাৰা পথত ব্যাপক যান-জঁটৰ সৃষ্টি হয় । ৰন্ধনকৰ্মীসকলৰ এই দাবী সমূহ চৰকাৰ পক্ষই কিদৰে লয় সেয়া অৱশ্যেই লক্ষ্যণীয় হ’ব ৷

লগতে পঢ়ক:ULFA-I Cadre Surrenders in Arunachal: অৰুণাচল প্ৰদেশত আলফা(স্বা) কেডাৰৰ আত্মসমৰ্পণ

ABOUT THE AUTHOR

...view details