কাহিলিপাৰা, 23 অক্টোবৰঃকাহিলীপাৰাত সদৌ অসম প্ৰাথমিক বিদ্যালয় মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিবাদ ৷ মঙলবাৰে কাহিলিপৰাস্থিত অসম সৰ্বশিক্ষা অভিযান মিছনৰ সমীপত শ শ ৰান্ধনী কৰ্মীয়ে চৰকাৰ তথা শিক্ষা বিভাগৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে, অসমৰ প্ৰাথমিক বিদ্যালয় সমূহত অতি নিম্ন পাৰিশ্ৰমিকত এক লাখ সোতৰ হাজাৰ ৰান্ধনী সহায়িকা কৰ্মীয়ে কাম কৰি আছে ৷ বহুবাৰ প্ৰতিবাদ আৰু চৰকাৰৰ সৈতে হোৱা আলোচনাৰ অন্ততো চৰকাৰে সহায়িকা ৰান্ধনীৰ পাৰিশ্ৰমিক বৃদ্ধি কৰা নাই ৷
কাহিলীপাৰাত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সহায়িকা সন্থাৰ প্ৰতিবাদ
মঙলবাৰে কাহিলিপৰাস্থিত অসম সৰ্বশিক্ষা অভিযান মিছনৰ সমীপত শ শ ৰান্ধনী কৰ্মীয়ে চৰকাৰ তথা শিক্ষা বিভাগৰ পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ উক্ত প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে অসমত মধ্যাহ্ন ভোজনৰ ৰন্ধন দায়িত্ব এন জি অ সমূহক দিয়া বন্ধ কৰিব লাগে, আঁচনিত নিয়োজিত ৰান্ধনী কৰ্মীৰ মজুৰি 1000 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৰাৰ লগতে মধ্যাহ্ন ভোজনৰ আঁচনিত নিয়োজিত ৰান্ধনি কৰ্মীৰ মাহিলী ছুটীৰ দিন পাঁচ দিনলৈ ধাৰ্য কৰা এই তিনিটা দাবী উত্থাপন কৰে ৷
উক্ত প্ৰতিবাদী কাৰ্যসূচীত ৰান্ধনী সহায়িকা সকলে চৰকাৰৰ ওচৰত তিনিটা দাবী উত্থাপন কৰে ৷ সেই দাবী তিনিটা হ’ল অসমত মধ্যাহ্ন ভোজনৰ ৰন্ধন দায়িত্ব এন জি অ সমূহক দিয়া বন্ধ কৰিব লাগে, আঁচনিত নিয়োজিত ৰান্ধনী কৰ্মীৰ মজুৰি 1000 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৰাৰ লগতে মধ্যাহ্ন ভোজনৰ আঁচনিত নিয়োজিত ৰান্ধনি কৰ্মীৰ মাহিলী ছুটীৰ দিন পাঁচ দিনলৈ ধাৰ্য কৰা ৷ এই সমূহ দাবী লৈ কৰ্মী সকলে হাতে হাতে বেনাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰে বিষয়টোত গুৰুত্ব প্ৰদান নকৰিলে ভৱিষ্যতে জংগী আন্দোলৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷