অসম

assam

By

Published : Aug 28, 2019, 7:12 PM IST

ETV Bharat / state

অসম পশুধন নিগমৰ অধ্যক্ষৰ সংবাদমেল

পাঞ্জাবাৰীত অসম পশুধন নিগমৰ সংবাদমেল অনুষ্ঠিত ৷ নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ বহু পৰিকল্পনা আৰু তথ্য সদৰি ৷

অধ্যক্ষ মনোজ শইকীয়াৰ বহু পৰিকল্পনা আৰু তথ্য সদৰী

গুৱাহাটী, 28 আগষ্টঃ বুধবাৰে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই নিগমৰ পাঞ্জাবাৰীস্থিত কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত কৰে । এই সংবাদমেলত নিগমৰ অধ্যক্ষজনে কেতবোৰ অতি গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে ৷ পঁচিশ বছৰৰ পাচত পশুধন নিগমে লাভৰ মুখ দেখা বুলি উল্লেখ কৰি ২০১৮-১৯ বিত্তীয় বৰ্ষত নিগমে ২৬লাখ ৫৪হাজাৰ টকা আয় কৰাৰ কথাও ব্যক্ত কৰে ৷ তেওঁ বিগত দুটা বছৰত আধৰুৱা হৈ থকা বহু প্ৰকল্প সম্পূৰ্ণ কৰা হৈছে বুলিও জনায় ৷ সংবাদমেলখনত অধ্যক্ষজনে খানাপাৰাত প্ৰতিমাহে ৮লাখ কুকুৰা পোৱালী উৎপাদন, সোণাপুৰত প্ৰতিদিনে ৫০মেট্ৰিক টন দানা প্ৰস্তুতকৰণ প্ৰকল্পৰ কথাও জানিবলৈ দিয়ে ৷ পশুধন নিগমে বিৰুবাৰীত প্ৰতিমাহে ৩লাখ বতা চৰাই প্ৰজনন প্ৰকল্প কাৰ্যক্ষম কৰিছে বুলি তেওঁ সদৰি কৰি যোৰহাটত নিৰ্মাণ কৰা আধুনিক কছাইখানা শীঘ্ৰে মুকলি কৰাৰ পৰিকল্পনা কৰাৰ কথাও তেওঁ প্ৰকাশ কৰে ৷

অহা দুটা বছৰত ৰাজ্যৰ গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাত গুৰুত্ব দি ‘‘ঘৰে ঘৰে ধন,পশুপালনে মন’’ শীৰ্ষক কাৰ্যসূচী আৰম্ভ কৰিব বুলিও পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই জানিবলৈ দিয়ে ৷

পাঞ্জাবাৰীত অসম পশুধন নিগমৰ সংবাদমেল অনুষ্ঠিত

ABOUT THE AUTHOR

...view details