অসম

assam

Mamoni Raisom Goswami memorial speech: BJP ৰ মহিলা মৰ্চাৰ উদ্যোগত মামনি ৰয়ছম গোস্বামীক স্মৰণ

By

Published : Nov 14, 2022, 8:59 PM IST

সোমবাৰে গুৱাহাটীৰ বশিষ্ঠত থকা ভাৰতীয় জনতা পার্টি কাৰ্যালয়ত BJP ৰ অসম প্রদেশ মহিলা মৰ্চাই মামনি ৰয়ছয় গোস্বামীৰ সোঁৱৰণত এখনি বক্তৃতা প্ৰতিযোগিতাৰ আয়োজন কৰে (Speech competition in memory of Mamoni Raisom Goswami) । অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা দিপ্তী ফুকন পাটগিৰীয়ে ।

Speech Competition by BJP Mahila Morcha
BJPৰ মহিলা মৰ্চাৰ উদ্যোগত মামনি ৰয়ছম গোস্বামীক স্মৰণ

গুৱাহাটী,১৪ নৱেম্বৰ:ভাৰতীয় জনতা পার্টিৰ অসম প্রদেশ মহিলা মৰ্চাই মামনি ৰয়ছম গোস্বামীৰ সোঁৱৰণত সোমবাৰে গুৱাহাটীৰ বশিষ্ঠত থকা বি জে পিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত এক অনুষ্ঠানৰ আয়োজন কৰে (Remembering Mamoni Raisom Goswami) । অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা দিপ্তী ফুকন পাটগিৰীয়ে কয় যে, মামনি ৰয়ছম গোস্বামী কেৱল অসম তথা ভাৰতৰে নহয়, সমগ্র বিশ্বৰ এগৰাকী সুযোগ্য সন্তান ।

মানুহৰ অধিকাৰৰ বাবে নিজৰ লিখনিৰ মাজেৰে গোস্বামীয়ে জনমানসক জাগ্রত কৰাৰ বাবে সাধনা কৰিছিল । তেওঁৰ শিশু সুলভ মন আৰু মাতৃত্বৰে ভৰপূৰ জীৱন শৈলীয়ে মানুহক এক বিশাল পৃথিৱীৰ পৰিচয় কৰাই দিছিল । ড৹ পাটগিৰীৰ মতে, প্রয়াত নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ আৰু মামনি ৰয়ছয় গোস্বামীয়ে অসমীয়া সাহিত্যক এক নতুন মাত্রা প্রদান কৰাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত সৱলভাৱে প্ৰতিষ্ঠা কৰাত অগ্রণী ভূমিকা পালন কৰিছে ।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে উদ্বোধন কৰা সোঁৱৰণী সভাখনৰ লগত সংগতি ৰাখি মহিলা মৰ্চাই ৰাজ্যিক পৰ্যায়ৰ বক্তৃতা প্রতিযোগিতাৰো আয়োজন কৰে (Mamoni Raisom Goswami memorial speech competition) । বক্তৃতা প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে দলৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শৰ্মাও উপস্থিত থাকে (Speech Competition by BJP Mahila Morcha) ।

এই প্রতিযোগিতাত মহিলা মৰ্চাৰ বিভিন্ন জিলাৰ কার্যকর্তা সকলে অংশগ্রহণ কৰে । গুৱাহাটী মহানগৰীৰ বশিষ্ঠস্থিত দলৰ মুখ্য কাৰ্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত মহিলা মৰ্চাৰ ৫০ গৰাকী প্রতিযোগীয়ে অংশগ্রহণ কৰে । এই ৫০ গৰাকী প্রতিযোগীৰ ভিতৰত ডিব্ৰুগড়ৰ শিখামনি গগৈ প্ৰথম, বৰপেটাৰ দেৱযানী গায়ন দ্বিতীয় তথা শোণিতপুৰৰ ৰূপাঞ্জলী তালুকদাৰ আৰু ডিমা হাছাওৰ চন্দ্ৰা চেত্ৰীয়ে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰে ।

বক্তৃতা প্রতিযোগিতাখনত দলৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা, মিডিয়া পেনেলিষ্ট কংকনা গোস্বামী ভৰদ্বাজ আৰু বিশিষ্ট নিৱন্ধকাৰ মঞ্জীৰা ডেকাই বিচাৰকৰ দায়িত্ব পালন কৰিছিল ।

উল্লেখযোগ্য যে, বক্তৃতা প্রতিযোগিতা অন্ত পৰাৰ পিছতেই দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত আয়োজিত সামৰণি অনুষ্ঠানত বিজয়ী প্রতিযোগী সকলক বঁটা প্ৰদান কৰা হয় ৷ মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকাৰ সভাপতিত্বত আয়োজিত সামৰণি অনুষ্ঠানত গুৱাহাটীৰ সাংসদ কুইন ওজা আৰু দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক পুলক গোঁহয়ো উপস্থিত থাকে । উদ্বোধনী অনুষ্ঠানটি মহিলা মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা হিমাশ্ৰী দেৱী আৰু সামৰণি অনুষ্ঠান পূৰবী ৰয়ে পৰিচালনা কৰে ।

লগতে পঢ়ক:Protest against price hike: ফাঁচীবজাৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি

ABOUT THE AUTHOR

...view details