গুৱাহাটী, 21 ছেপ্তেম্বৰঃ ২৪ ছেপ্তেম্বৰৰ পৰা ভক্তৰ বাবে মুকলি কৰা হ’ব শক্তিপীঠ কামাখ্যা ৷ সোমবাৰে কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰে এই নিৰ্দেশনা ৷ মন্দিৰ খোলাৰ ক্ষেত্ৰত কিছু নীতি-নিয়ম বান্ধি দিছে প্ৰশাসনে ৷ এই নিয়মসমূহ মানিহে ভক্তৰ বাবে খোলা হ’ব কামাখ্যা ধাম ৷
প্ৰশাসনে উল্লেখ কৰা অনুসৰি প্ৰতিদিনে সৰ্বাধিক ৫০০ ভক্তইহে মন্দিৰ দৰ্শন কৰিব পাৰিব ৷ ৬৫ বৰ্ষৰ উৰ্ধৰ ব্যক্তি আৰু ১০ বছৰৰ অনুৰ্ধৰ শিশুৰ প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । একেদৰে অনলাইন পাছৰ ক্ষেত্ৰতো সলনি কৰা হৈছে নিময় । এতিয়া দৈনিক ১০০ গৰাকী লোককহে দিয়া হ'ব অনলাইন টিকট।