অসম

assam

By

Published : Feb 20, 2020, 5:01 PM IST

ETV Bharat / state

অসম চু্ক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে আগ্ৰহী নহয় অমিত শ্বাহ

অসম চুক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে ন্যায়াধীশ বিপ্লৱ শৰ্মা কমিটিয়ে দাখিল কৰা প্ৰতিবেদন গ্ৰহণ কৰা নাই গৃহমন্ত্ৰী অমিত শ্বাহে ৷ উপায়ন্তৰ হৈ অসম চুক্তি ৰূপায়ণ বিভাগত প্ৰতিবেদন দাখিল কৰিছে কমিটিয়ে ৷

Justice Biplab Sharma Report on clause 6th of Assam Accord was not accepted by Amit Shah
অসম চু্ক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে আগ্ৰহী নহয় অমিত শ্বাহ

গুৱাহাটী, ২০ ফেব্ৰুৱাৰী:কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নাই ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন কমিটিৰ প্ৰতিবেদন ৷ অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচ নিশ্চিতকৰণ সন্দৰ্ভত অসম চুক্তিৰ ৬ নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন দিছিল ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত এখন বিশেষ কমিটি ৷ কিন্তু বৰ্তমান ৰহস্যজনকভাৱে এই কমিটিয়ে দাখিল কৰা প্ৰতিবেদন গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে । ইতিমধ্যে এই কমিটিয়ে প্ৰতিবেদন সাজু কৰি দহ দিন পূৰ্বেই কেন্দ্ৰীয় গৃহ দপ্তৰক অৱগত কৰিলে যদিও এই পৰ্যন্ত প্ৰতিবেদন গ্ৰহণ কৰিবলৈ আগ্ৰহেই প্ৰকাশ কৰা নাই গৃহ মন্ত্ৰী অমিত শ্বাহে । উপায়ন্তৰ হৈ অসমৰ বিশিষ্ট একাংশ লোকক লৈ গঠন কৰি দিয়া এই উচ্চ ক্ষমতা সম্পন্ন কমিটিখনে ৰাজ্য চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগকেই বন্ধ খামত ইতিমধ্যে দাখিল কৰিছে প্ৰতিবেদন ।

অসম চু্ক্তিৰ 6 নং দফা কাৰ্যকৰীকৰণৰ বাবে আগ্ৰহী নহয় অমিত শ্বাহ

গুৰত্বপূৰ্ণ যে, কেন্দ্ৰীয় গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গক এই কমিটিয়ে প্ৰতিবেদন সাজু বুলি একাধিকবাৰ লিখিতভাৱে জনাইছে যদিও গৃহ মন্ত্ৰী অমিত শ্বাহ বা গৃহ বিভাগ কোনেও প্ৰতিবেদন গ্ৰহণ কৰিবলৈ এই পৰ্যন্ত সদ্দিচ্চা দেখুওৱা নাই ।

লগতে পঢ়ক:সন্তুষ্টি অসন্তুষ্টিৰ মাজেৰে অন্ত পৰিল বিটিচি বাজেট অধিবেশন

ABOUT THE AUTHOR

...view details