অসম

assam

By

Published : Nov 7, 2020, 7:04 PM IST

ETV Bharat / state

পাকিস্তান জিন্দাবাদ শ্ল'গান সন্দৰ্ভত জিতেন্দ্ৰ সিঙৰ প্ৰতিক্ৰিয়াঃ টুইটযোগে প্ৰশ্নবাণ ৰাজ্য চৰকাৰক

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে এই সমস্ত বিষয়টোক লৈ প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মা সমন্বিতে ৰাজ্য চৰকাৰক ৷ নিজৰ টুইটাৰত টুইট কৰি জিতেন্দ্ৰ সিঙে কয় যে, শিলচৰ বিমান বন্দৰত কোনোবাই "পাকিস্তান জিন্দাবাদ" বুলি ধ্বনি দিয়াৰ বিষয়টোৱে সম্প্ৰতি ২৪ ঘন্টা পাৰ কৰিলে। অথচ এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বা চৰকাৰে কোনো লোকক কিয় গ্ৰেপ্তাৰ কৰিবলৈ সাহস গোটাব পৰা নাই বুলিও প্ৰশ্ন কৰে ৷

Jitendra Singh's response to the Pakistan Zindabad slogan
পাকিস্তান জিন্দাবাদ শ্ল'গান সন্দৰ্ভত জিতেন্দ্ৰ সিঙৰ প্ৰতিক্ৰিয়া

গুৱাহাটী,7 নৱেম্বৰঃকেতিয়াবা যদি শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনক লৈ বিতৰ্ক, কেতিয়াবা আকৌ "পাকিস্তান জিন্দাবাদ" ধ্বনি বিতৰ্ক । মুঠতে নিৰ্বাচনৰ পূৰ্বে ধৰ্মীয় মেৰুকৰণৰ অভিযান অসমত জোৰদাৰ হৈ উঠিছে ৷ শিলচৰ বিমান বন্দৰত "পাকিস্তান জিন্দাবাদ" শ্ল'গান কোনে দিছিল ? যদি দিছিল কিয় দিছিল ?

এ আই ইউ ডি এফে স্পষ্টীকৰণ দি দাবী কৰিছে যে, সেইয়া পাকিস্তান জিন্দাবাদ ধ্বনি নাছিল । এ আই ইউ ডি এফৰ বিধায়ক আজিজ আহমেদ খানৰ সমৰ্থক সকলে "আজিজ খান জিন্দাবাদ" বুলিহে ধ্বনি দিছিল । মুঠতে কোন সঁচা, কোন মিছা সেইয়া বৰ্তমানেও স্পষ্ট হোৱা নাই ৷

ইপিনে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমত বিষয়টোক কেন্দ্ৰ কৰি ইটোৰ পিছত সিটো মন্তব্য কৰি গৈছে । তাৰ মাজতে অসমৰ দায়িত্বত থকা কংগ্ৰেছৰ নৱনিযুক্ত তত্ত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে এই সমস্ত বিষয়টোক লৈ প্ৰত্যাহ্বান জনাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সমন্বিতে ৰাজ্য চৰকাৰক ৷ নিজৰ টুইটাৰত টুইট কৰি জিতেন্দ্ৰ সিঙে কয় যে, শিলচৰ বিমান বন্দৰত কোনোবাই "পাকিস্তান জিন্দাবাদ" বুলি ধ্বনি দিয়াৰ বিষয়টোৱে সম্প্ৰতি ২৪ ঘন্টা পাৰ কৰিলে । অথচ এতিয়ালৈকে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় বা চৰকাৰে কোনো লোকক গ্ৰেপ্তাৰ কৰিবলৈ কিয় সাহস গোটাব পৰা নাই বুলি প্ৰশ্ন কৰে ৷ যদিহে এই কথাটো সত্য নাছিল তেন্তে ভাৰতীয় সংবিধানৰ ১৫৩ ধাৰাৰ অধীনত ঘৃণা বিয়পোৱাৰ অপৰাধত ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলিও জিতেন্দ্ৰ সিঙে টুইটাৰৰ জৰিয়তে প্ৰশ্ন কৰে ৷

লগতে পঢ়কঃঅসমৰ বিদ্যালয়ত মিজো দুৰ্বৃত্তৰ বোমা বিস্ফোৰণ

ABOUT THE AUTHOR

...view details