অসম

assam

ETV Bharat / state

Jal Jeevan Mission in Assam: ২০২৪ চনৰ ভিতৰত 'হৰ ঘৰ জল' ৰাজ্য হোৱাৰ পথত অসম

জল জীৱন মিছনৰ অধীনত বিগত ৬ মাহত ৯ লাখ ঘৰত যোগান ধৰা হৈছে নলৰ পানী ৷ খোৱা পানী আৰু অনাময় বিভাগৰ সচিব বিন্নী মহাজনে জল জীৱন মিছন (Jal Jeevan Mission ) আৰু স্বচ্ছ ভাৰত মিছন(Swatch Bharat Mission) ৰ ওপৰত এক পৰ্যালোচনা কৰে ৷ অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ সৈতে এই দুই মিছনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰি বিন্নী মহাজনে কয় যে জে জে এমৰ লক্ষ্য প্ৰাপ্তিৰ বাবে ৰাজ্যক কেন্দ্ৰই সম্পূৰ্ণ সহায় আগবঢ়াব।

jal jeevan mission
পৰিষ্কাৰ খোৱা পানীৰ দিশত অগ্ৰগতি অসমৰ

By

Published : Jan 20, 2022, 12:22 PM IST

গুৱাহাটী,20 জানুৱাৰীঃ খোৱা পানী আৰু অনাময় বিভাগৰ সচিব বিন্নী মহাজনে বুধবাৰে অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাৰ(Chief secretary of Assam Jishnu Barua) সৈতে জল জীৱন মিছন আৰু স্বচ্ছ ভাৰত মিছনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। মহাজনে ৰাজ্যখনৰ দুটা মুখ্য অভিযান ৰূপায়ণৰ পৰ্যালোচনা বৈঠকত অংশ লৈ গ্ৰাম্য পৰিয়ালসমূহক নলৰ পানী যোগান ধৰাৰ ক্ষেত্ৰত অসমে কৰা অগ্ৰগতিৰ প্ৰশংসা কৰে (Jal Jeevan Mission in Assam)।

জল জীৱন মিছনৰ অধীনত বিগত ৬ মাহত ৯ লাখ ঘৰত যোগান ধৰা হৈছে নলৰ পানী

তেওঁ কয় যে ২০২৪ চনৰ ভিতৰত প্ৰতিটো পৰিয়ালক পৰিষ্কাৰ নলৰ পানী যোগান ধৰাৰ লক্ষ্য প্ৰাপ্তিৰ দিশে অসম সঠিক পথত আগবাঢ়িছে ৷ কেন্দ্ৰই এই লক্ষ্য প্ৰাপ্তি কৰাৰ বাবে ৰাজ্যখনক সম্পূৰ্ণ সহায় আগবঢ়াইছে।

অনলাইন পৰ্যালোচনাৰ সময়ত ডি ডি ডব্লিউ এছৰ অতিৰিক্ত সচিব অৰুণ বাৰোকা, এছ বি এম আৰু জে জে এমৰ ইনচাৰ্জ এছ আব্বাছি, এ চি এছ আৰু অসমৰ বিত্ত সচিব সমীৰ সিনহাকে ধৰি আৰু বিষয়াসকলো উপস্থিত আছিল। উদ্বোধনী ভাষণত মহাজনে কয় যে জল জীৱন মিছন হৈছে এক বিকেন্দ্ৰীকৃত, চাহিদা-চালিত, সম্প্ৰদায়-পৰিচালিত পানী যোগান আঁচনি। যাৰ উদ্দেশ্য হৈছে প্ৰতিটো পৰিয়ালক বিশুদ্ধ নলৰ পানী যোগান ধৰি গ্ৰাম্য লোকসকলৰ জীৱন উন্নত কৰা।

২০১৯ চনৰ ১৫ আগষ্টত জল জীৱন মিছন ঘোষণা কৰাৰ সময়ত ৰাজ্যখনৰ মুঠ ৬৩.৩৫ লাখ পৰিয়ালৰ ভিতৰত মাত্ৰ ১.১১ লাখ (১.৭৬%) পৰিয়ালকহে নলৰ পানী যোগান ধৰা হৈছিল। প্ৰায় ২৮ মাহত ১৭.৪৬ লাখ পৰিয়ালক পৰিষ্কাৰ নলৰ পানী যোগান ধৰা হৈছে। কেৱল যোৱা ছটা মাহত ৮.৫ লাখতকৈও অধিক পৰিয়ালক পৰিষ্কাৰ নলৰ পানী যোগান ধৰা হৈছে। ৰাজ্যখনৰ প্ৰদৰ্শন উপস্থাপন কৰি অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱাই অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে।

লগতে পঢ়ক :বান-খহনীয়া : প্রাপ্য ৩৯৫.৬৫ কোটি টকাৰ পৰা আজিও বঞ্চিত অসম

ABOUT THE AUTHOR

...view details