গুৱাহাটী, ১৭ আগষ্ট: আজিৰ ভোগবাদী জীৱনত অধিকাংশ লোক আত্মকেন্দ্ৰিক হৈ থকাৰ বিপৰীতে আমাৰ সমাজত এনে মানৱদৰদী ব্যক্তিও আছে, যাৰ বাবে একাংশ আশ্ৰয়হীন লোকে বিচাৰি পাইছে জীৱনৰ নতুন ঠিকনা । ইয়াৰে উদাহৰণ হৈছে অসম আৰক্ষীত কৰ্মৰত প্ৰেমলতা শইকীয়া । সমাজৰ লগতে আপোনজনৰ দ্বাৰাও উপেক্ষিত হৈ নিজৰ ঠিকনা হেৰুওৱা একাংশ বৃদ্ধ তথা গৃহহীন লোকক আশ্ৰয় দি প্ৰেমলতা শইকীয়াই দাঙি ধৰিছে মানৱতাৰ অন্য এক নিদৰ্শন । সমাজৰ কল্যাণমূলক কামত ব্ৰতী হৈ থকা এইগৰাকী মহিলাই নিজৰ কষ্টোপাৰ্জিত ধনেৰে বিশেষভাৱে সক্ষম আৰু মানসিক ৰোগত আক্ৰান্ত লোকৰ বাবে মহানগৰীৰ ২ নং মঠঘৰীয়াৰ শান্তিনগৰত এখন বিশেষ আশ্ৰম স্থাপন কৰিছে ।
চাৰি বছৰ পূৰ্বে স্থাপন কৰা 'জয় মাতা ডি' নামৰ এই আশ্ৰমখনত প্ৰেমলতা শইকীয়াৰ পৰিচৰ্যাত সমাজে অৱজ্ঞা-অনাদৰ কৰা ব্যক্তিসকলে যেন এতিয়া বিচাৰি পাইছে জীয়াই থকাৰ প্ৰেৰণা । চৰকাৰৰ সহযোগিতা অবিহনে প্ৰায় ১০ বিঘা ভূমিত স্থাপন কৰা আশ্ৰমখনত বৰ্তমান গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৩৩ গৰাকী ব্যক্তিয়ে আশ্ৰয় লৈ আছে । ইয়াৰে ভিতৰত আছে ৫গৰাকী শিশু । এই লোকসকলক প্ৰতি দিনে পুৱা, দুপৰীয়া আৰু নিশা খাদ্যৰ যোগান ধৰাৰ লগতে চিকিৎসা সেৱা আগবঢ়োৱা হয় ।