অসম

assam

ETV Bharat / state

চৰকাৰে প্ৰতিবন্ধী সকলক মাহী আইৰ দৃষ্টিৰে চাইছেঃ নৃপেন মালাকাৰ

সোমবাৰে ঘোষণা কৰা ফলাফল অনুসৰি চেকচন এচিষ্টেণ্ট পদৰ বাবে সংৰক্ষিত প্ৰতিবন্ধী সকলৰ আসন সমূহ নিৰ্দিষ্টকৈ প্ৰকাশ নকৰাত ক্ষুব্ধ হৈ পৰিছে প্ৰতিবন্ধী সমাজ ৷ তেওঁলোকৰ অভিযোগ ৰাজ্য চৰকাৰে প্ৰতিবাৰে প্ৰতিবন্ধী লোকসকলক তেওঁলোকৰ ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে ৷

irtigation-appointment-story
চৰকাৰে প্ৰতিবন্ধীসকলক মাহী আইৰ দৃষ্টিৰে চাইছেঃ নৃপেন মালাকাৰ

By

Published : Oct 14, 2020, 8:22 AM IST

গুৱাহাটী, 14 অক্টোবৰ : প্ৰতিমুহুৰ্তে ৰাজ্যৰ প্ৰতিবন্ধী লোকসকলক মাহী আইৰ দৃষ্টিৰে চাই আহিছে ৰাজ্য চৰকাৰে ৷ বাৰে বাৰে প্ৰতিবন্ধী সকলক তেওঁলোকৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহা হৈছে ৷ এই অভিযোগ প্ৰতিবন্ধী সমাজ অসমৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰৰ ৷

চৰকাৰে প্ৰতিবন্ধীসকলক মাহী আইৰ দৃষ্টিৰে চাইছেঃ নৃপেন মালাকাৰ

উল্লেখ্য যে, শেহতীয়াকৈ ৰাজ্যৰ জলসিঞ্চন বিভাগৰ কণিষ্ঠ সহায়ক আৰু চেকচন এচিষ্টেণ্টৰ নিযুক্তিৰ বাবে দিয়া ৬৪৩ টা বিজ্ঞাপন প্ৰকাশ কৰিছিল ৷ ইয়াৰে চেকচন এচিষ্টেণ্ট পদৰ বাবে খালী দেখুওৱা ৩৯৭ টা পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰাৰ পাছত সোমবাৰে ঘোষণা কৰিলে চেকচন এচিষ্টেণ্টৰ ৩৯৭ টা পদৰ ফলাফল ৷ তাৎপৰ্যপূৰ্ণ কথা যে,পদসমূহৰ বাবে বিজ্ঞাপন প্ৰকাশ হোৱাৰ পাছতেই প্ৰতিবন্ধী সমাজে ৰাজ্যৰ প্ৰতিবন্ধী সকলৰ বাবেও আসন সংৰক্ষণৰ বাবে দাবী জনাই আদালতৰ দ্বাৰস্থও হৈছিল ৷ আদালতে তেওঁলোকৰ দাবীৰ প্ৰতি সমৰ্থন জনাই জলসিঞ্চন বিভাগক খালি দেখুওৱা মুঠ পদৰ ৪ শতাংশ প্ৰতিবন্ধী সকলৰ বাবে সংৰক্ষিত কৰিবলৈ নিৰ্দেশনা জাৰি কৰে ৷ এই নিৰ্দেশনাৰ পাছতেই বিভাগে পুনৰ খালী দেখুওৱা মুঠ পদৰ ৪ শতাংশ আসন প্ৰতিবন্ধী সকলৰ বাবে সংৰক্ষিত কৰি ৰখা বুলি বিজ্ঞাপন প্ৰকাশ কৰিলে ৷ সেই অনুসৰি জলসিঞ্চন বিভাগে অনুষ্ঠিত কৰিলে জলসিঞ্চন বিভাগৰ মুঠ ৩৯৭ টা চেকচন এচিষ্টেণ্ট পদৰ লিখিত পৰীক্ষাও ৷

কিন্তু সোমবাৰে ঘোষণা কৰা ফলাফল অনুসৰি চেকচন এচিষ্টেণ্ট পদৰ বাবে সংৰক্ষিত প্ৰতিবন্ধী সকলৰ আসন সমূহ নিৰ্দিষ্টকৈ প্ৰকাশ নকৰাত ক্ষুব্ধ হৈ পৰিছে প্ৰতিবন্ধী সমাজ ৷ তেওঁলোকৰ অভিযোগ ৰাজ্য চৰকাৰে প্ৰতিবাৰে প্ৰতিবন্ধী লোকসকলক তেওঁলোকৰ ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰি ৰাখিছে ৷ কেৱল মাত্ৰ জলসিঞ্চন বিভাগতেই নহয়, ৰাজ্যৰ অন্যান্য বিভাগসমূহৰ খালী পদসমূহ পূৰণৰ ক্ষেত্ৰতো প্ৰতিবন্ধী সকলক মাহী আইৰ দৃষ্টিৰে চাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিলে প্ৰতিবন্ধী সমাজে ৷

তেওঁলোকৰ দাবী আগন্তুক দিনত চৰকাৰে প্ৰতিবন্ধী সকলৰ নিযুক্তিৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলা হ’ব আৰু তাৰ বাবে জগৰীয়া হ’ব ৰাজ্য চৰকাৰ ৷

লগতে পঢ়ক: শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত ৰাজ্যৰ শেহতীয়া পৰিস্থিতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details