অসম

assam

ETV Bharat / state

অজান দেশলৈ গ’লগৈ যুগদ্ৰষ্টা হোমেন বৰগোহাঞি... - সাহিত্য অকাডেমী বঁটা

সৌ সিদিনা ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল প্ৰসিদ্ধ সাহিত্যিক গৰাকী ৷ যোৱা 7 মে’ত ক’ভিড মহামাৰীক জয় কৰি চিকিৎসালয়ৰ পৰা অব্যাহতি লৈ ঘৰলৈ গৈছিল বিশিষ্ট সাহিত্যিক গৰাকী ৷ কিন্তু হঠাৎ বুধবাৰে পুৱতি নিশা স্বাস্থ্যৰ অৱনতি ঘটে সাহিত্যিক গৰাকীৰ ৷ লগে লগেই তেখেতক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ কিন্তু বিফল হ’ল চিকিৎসকৰ আপ্ৰাণ চেষ্টা ৷ নিয়তিৰ ওচৰত হাৰ মানিলে হোমেন বৰগোহাঞিয়ে ৷

অজান দেশলৈ গ’ল গৈ যুগদ্ৰষ্টা হোমেন বৰগোহাঞি...
অজান দেশলৈ গ’ল গৈ যুগদ্ৰষ্টা হোমেন বৰগোহাঞি...

By

Published : May 12, 2021, 9:08 PM IST

নিউজ ডেস্ক,12 মে’: বুধবাৰে পুৱাতেই আহিল সেই অনাকাংক্ষিত খবৰটো ৷ যিটো খবৰে হৃদস্পন্দন স্তব্ধ প্ৰায় কৰি তুলিলে অসম আৰু অসমীয়াৰ ৷ পুৱা 6.58 মিনিটত দিছপুৰস্থিত জিএনআৰচি হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰিলে অসমৰ অন্যতম চিন্তানায়ক হোমেন বৰগোহাঞিয়ে ৷

অজান দেশলৈ গ’ল গৈ যুগদ্ৰষ্টা হোমেন বৰগোহাঞি...

উল্লেখযোগ্য যে, সৌ সিদিনা ক’ভিড আক্ৰান্ত হৈ চিকিৎসাধীন হৈছিল প্ৰসিদ্ধ সাহিত্যিক গৰাকী ৷ যোৱা 7 মে’ত ক’ভিড মহামাৰীক জয় কৰি চিকিৎসালয়ৰ পৰা অব্যাহতি লৈ ঘৰলৈ গৈছিল বিশিষ্ট সাহিত্যিক গৰাকী ৷ কিন্তু হঠাৎ বুধবাৰে পুৱতি নিশা স্বাস্থ্যৰ অৱনতি ঘটে সাহিত্যিক গৰাকীৰ ৷ লগে লগেই তেখেতক ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত ৷ কিন্তু বিফল হ’ল চিকিৎসকৰ আপ্ৰাণ চেষ্টা ৷ নিয়তিৰ ওচৰত হাৰ মানিলে হোমেন বৰগোহাঞিয়ে ৷ তেখেতৰ বিয়োগে শোকসাগৰত পেলাইছে ৰাজ্যৰ সাহিত্যনুৰাগীৰ লগতে বিভিন্ন স্তৰৰ লোকসকলক ৷

উল্লেখযোগ্য যে, 1932 চনৰ 7 ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্মগ্ৰহণ কৰিছিল এইগৰাকী প্ৰসিদ্ধ সাহিত্যিক তথা সাংবাদিকে ৷ অসমৰ সাহিত্য জগতলৈ তেখেতৰ অৱদান আছিল অতুলনীয় ৷ 1978 চনত পিতাপুত্ৰ উপন্যাসৰ বাবে সাহিত্য একাডেমীৰ সন্মান লাভ কৰিছিল হোমেন বৰগোহাঞিয়ে ৷ একেদৰে তেখেতৰ কলমত প্ৰাণ পাই উঠিছিল হালধীয়া চৰায়ে বাওঁধান খায়, সাউদৰ পুতেকে নাও মেলি যায়, অস্তৰাগ, মৎস্যগন্ধা, পিতা-পুত্ৰ, তিমিৰ তীৰ্থ, এদিনৰ ডায়েৰী, নিসংগতা, বিষণ্ণতা, সুবালা আদি উপন্যাস ৷ তাৰোপৰি তেখেতে পাঠক সমাজলৈ আগবঢ়াইছিল উচ্চাকাংক্ষা, হৃদয়ৰ মানচিত্ৰ, বিংশ শতাব্দীৰ সন্ধানত, প্ৰজ্ঞা সাধনা, পাঠকৰ টোকাবহী, আত্মদীপো ভৱ আদি গ্ৰন্থ ৷ মন কৰিবলগীয়া যে, চৰকাৰী চাকৰি ত্যাগ কৰি তেখেতে খোজ পেলাইছিল সাংবাদিকতাৰ জগতত ৷ তেখেতৰ সম্পাদিত বাতৰি কাকত আৰু আলোচনীসমূহ হ’ল আমাৰ অসম, অসমবাণী, নীলাচল, সূত্ৰধৰ, নাগৰিক, সাতসৰী আৰু নিয়মীয়া বাৰ্তা ৷

ইপিনে, জীৱনকালত বহু সন্মান লাভ কৰিছিল এইগৰাকী প্ৰসিদ্ধ সাহিত্যিকে ৷ সাহিত্য একাডেমী বঁটা, অসম উপত্যকা বঁটা, শংকৰদেৱ বঁটা, নীলমণি ফুকন বঁটা তেখেতে লাভ কৰা কৃতিত্বৰ ভিতৰত অন্যতম ৷ 2001 চনত ডিব্ৰুগড় আৰু 2002 চনৰ কলগাছিয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল হোমেন বৰগোহাঞিয়ে ৷ সকলোকে শোক সাগৰত পেলাই অনন্তধামলৈ গতি কৰা এইগৰাকী মহীৰূহলৈ ইটিভি ভাৰতৰ তৰফৰ পৰাও জনালো একাজলি শ্ৰদ্ধা ৷

লগতে পঢ়কঃ মুৰ্কংচেলেকৰ এটি পথে দুৰ্ভোগ ভোগাইছে স্থানীয় ৰাইজক

ABOUT THE AUTHOR

...view details