অসম

assam

By

Published : Nov 30, 2020, 2:33 PM IST

ETV Bharat / state

১ জানুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়

অৰুণোদয়ৰ আঁচনিৰ অধীনত ৰাজ্যৰ ২৯ খন জিলাৰ ১৮.২০ লাখ হিতাধিকাৰীৰ বেংক একাউন্টত প্ৰতি মাহে ৮৩০ টকাকৈ জমা হ‘ব । আঁচনিখনৰ বাবে প্ৰতি মাহে চৰকাৰৰ ব্যয় হ’ব ১৮০ কোটি টকা ।

himanta biswa sarmah press meet on  Arunodoi scheme
মঙলবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ‘অৰুণোদয়’ আঁচনি: ১ জানুৱাৰীৰ পৰা খুলিব প্ৰাথমিক বিদ্যালয়

গুৱাহাটী, ৩০ নৱেম্বৰ:মঙলবাৰৰ পৰা বিটিআৰ অঞ্চল বাদ দি ৰাজ্যৰ ২৯ জিলাত আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব "অৰুণোদয়" আঁচনি । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিব এই বৃহৎ আঁচনিখন । আজি জনতা ভৱনত এখন সংবাদমেলত ভাগ লৈ এই কথা ঘোষণা কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । স্বাধীনোত্তৰ কালৰ সৰ্ববৃহৎ আঁচনি বুলি "অৰুণোদয়"ক অভিহিত কৰি মন্ত্ৰী শৰ্মাই কয় যে ইয়াৰ ফলত ২৯ খন জিলাৰ ১৮.২০ লাখ হিতাধিকাৰীৰ বেংক একাউন্টত এতিয়াৰে পৰা প্ৰতি মাহে ৮৩০ টকাকৈ জমা হ‘ব । প্ৰতি মাহৰ শেষৰ সপ্তাহত চৰকাৰে এই একাউন্টসমূহত ধন জমা দিব ।

মঙলবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ‘অৰুণোদয়’ আঁচনি: ১ জানুৱাৰীৰ পৰা খুলিব প্ৰাথমিক বিদ্যালয়

এই আঁচনিখনৰ বাবে প্ৰতি মাহে চৰকাৰৰ ব্যয় হ’ব ১৮০ কোটি টকা । উল্লেখযোগ্য যে, চলিত বৰ্ষৰ বাজেটত "অৰুণোদয়" আঁচনিৰ বাবে ইতিমধ্যে ২,৪০০ কোটি টকা ধাৰ্য কৰা হৈছিল । আনহাতে, ৰাজ্যৰ শেহতীয়া ক'ভিড পৰিস্থিতিৰো কেতবোৰ তথ্য সংবাদমেলত দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে আজিৰ তাৰিখত অসমত ক'ভিডৰ ত্ৰাস প্ৰায় আতৰিছে । ৰাজ্যত বৰ্তমান ৩,৩৫০ গৰাকী ক'ভিড পজিটিভ ৰোগী আছে । ইতিমধ্যে প'জিটিভ ধৰা পৰা ২,১২,৬১৭ গৰাকী লোকৰ ভিতৰত ২,০৮,২৮৩ গৰাকীক ঘৰলৈ যাবলৈ দিয়া হৈছে । আনহাতে বৰ্তমান চিকিৎসালয়ৰ বাহিৰত থকা সকলো ক’ভিড কেয়াৰ চেন্টাৰ বন্ধ কৰিছে চৰকাৰে ৷

মঙলবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ‘অৰুণোদয়’ আঁচনি: ১ জানুৱাৰীৰ পৰা খুলিব প্ৰাথমিক বিদ্যালয়

শৰ্মাই সংবাদমেলত উল্লেখ কৰা অনুসৰি, ক'ভিডত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা হ'ল ৯৮১ গৰাকী । ২ নৱেম্বৰৰ পৰা ৮ নৱেম্বৰৰ ভিতৰত ৰাজ্যত প্ৰতিদিনে ৩২৫ জনকৈ ক'ভিড প'জিটিভ ৰোগী ধৰা পৰিছিল । কিন্তু ২৩ ৰ পৰা ২৯ নৱেম্বৰৰ ভিতৰত এই সংখ্যা ১৫৮ গৰাকীলৈ হ্ৰাস পাইছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ১ জানুৱাৰীৰ পৰা ৰাজ্যত প্ৰাক-প্ৰাথমিক শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণীলৈ বিদ্যালয় সমূহ পুনৰ মুকলি কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে । একেদৰে ১৫ ডিচেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহৰ হোষ্টেলসমূহো পুনৰ মুকলি কৰা হ’ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত ঘোষণা কৰে ।

মঙলবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব ‘অৰুণোদয়’ আঁচনি: ১ জানুৱাৰীৰ পৰা খুলিব প্ৰাথমিক বিদ্যালয়

লগতে পঢ়ক: মাঞ্জাত বাছ-টেংকাৰৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত ৪ জন

ABOUT THE AUTHOR

...view details