অসম

assam

By

Published : Feb 13, 2022, 1:44 PM IST

ETV Bharat / state

একচনীয়া পট্টা তৌজিবাহী খাজনা নাইকিয়া কৰাৰ পোষকতা মুখ্যমন্ত্রীৰ

মিছন বসুন্ধৰাৰ অগ্ৰগতি সম্পৰ্কত অতিৰিক্ত উপায়ুক্ত (ৰাজহ), ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন চক্ৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ পর্যালোচনা সভা (Review meeting on Mission Basundhara)। মিছন বসুন্ধৰা যাতে ৰাজহ ব্যৱস্থাপনাৰ এক উজ্জ্বল নিদর্শন হিচাপে পৰিগণিত হয়, তাৰবাবে নিষ্ঠাৰে কাম কৰাৰ বাবে সকলো বিষয়-কৰ্মচাৰীক আহ্বান মুখ্যমন্ত্ৰীৰ ।

Review meeting on Mission Basundhara
একচনীয়া পট্টা তৌজিবাহী খাজনা নাইকিয়া কৰাৰ পোষকতা মুখ্যমন্ত্রীৰ

গুৱাহাটী, ১৩ ফেব্ৰুৱাৰী : শনিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত অতিৰিক্ত উপায়ুক্ত (ৰাজহ), ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন চক্ৰ বিষয়াসকলৰ সৈতে মিছন বসুন্ধৰাৰ সামগ্ৰিক অগ্ৰগতি সন্দৰ্ভত পর্যালোচনা কৰে (Review meeting on Mission Basundhara)। উল্লেখ্য যে, ২০২১ চনৰ ২ অক্টোবৰত আৰম্ভ কৰা এই মিছন বসুন্ধৰাৰ অধীনত ৮ লাখ ১০ হাজাৰতকৈও অধিক আবেদন লাভ কৰা হৈছে ৷

বৰ্তমানলৈ ইয়াৰে ৩ লাখ ২০ হাজাৰৰো অধিক সেৱা নিষ্পত্তি কৰা হৈছে । ১০ মে’ৰ ভিতৰত সকলোবোৰ আবেদনৰ নিষ্পত্তিকৰণৰ সময়সীমা নিৰ্দ্ধাৰণ কৰা হৈছে । অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে মিছন সম্পর্কীয় যিকোনো অভাৱ-অভিযোগ অৱগত কৰাৰ বাবে মিছন বসুন্ধৰাৰ ইন্টিগ্ৰিটি হেল্পলাইনো আনুষ্ঠানিকভাৱে মুকলি কৰে (Assam CM releases helpline number for Applications under mission basundhara) ।

পর্যালোচনা সভাত বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এই অভিযানৰ লগত জড়িত থকা সকলো অতিৰিক্ত উপায়ুক্ত (ৰাজহ), ৰাজহ চক্ৰ বিষয়া আৰু সংলগ্ন চক্ৰ বিষয়াসকলক ঐকান্তিকতাৰে নিজৰ দায়িত্ব পালন কৰাৰ বাবে আহ্বান জনায় । মুখ্যমন্ত্ৰীয়ে অতিৰিক্ত উপায়ুক্ত (ৰাজহ)ক নাকচ কৰা আবেদনসমূহ ভালধৰণে পুনৰীক্ষণ কৰাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে, যাতে কোনো আবেদন গ্ৰহণযোগ্য কাৰণ নোহোৱাকৈ নাকচ নহয় ।

লগতে পঢ়ক :Power Minister Bimal Bora at Gogamukh: পৰিদৰ্শন কৰিলে অঞ্চলটোৰ বিদ্যুৎ সংযোগৰ ব্যৱস্থা

মুখ্যমন্ত্ৰীয়ে লগতে মানসম্পন্ন নিষ্পত্তিকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ বিষয়াসকলক আহ্বান জনায় । মুখ্যমন্ত্ৰীয়ে আবেদনসমূহ নিষ্পত্তিকৰণৰ দিশত বিলম্বতাবিহীন, নিখুত আৰু ক্ৰমসূচী ভালদৰে মানি চলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে । সকলো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত যাতে সঠিক নীতি-নিয়ম মানি চলা হয়, তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈও তেওঁ আহ্বান জনায় ।

এই ক্ষেত্ৰত ৰাজহ চক্ৰ বিষয়াসকলে সদায় সচেষ্ট আৰু সতর্কতাৰে কাম কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে । মুখ্যমন্ত্ৰীয়ে স্থানীয় ভূমি সম্বন্ধীয় সমস্যাসমূহ নিজৰ কাৰ্যকালৰ সময়সীমাত সমাধানৰ পথ প্ৰশস্ত কৰাৰ পদক্ষেপ ল'বলৈও চক্ৰ বিষয়াসকল আহ্বান জনায় । মিছন বসুন্ধৰাৰ প্ৰথম পর্যায়ৰ অভিজ্ঞতাৰে ৰাজ্যখনত যাতে সকলো একচনীয়া পট্টা, তৌজিবাহী খাজনাৰ বিষয়সমূহ একেবাৰে সমাধান কৰি যুগ যুগ ধৰি বসতি কৰা খিলঞ্জীয়া পৰিয়ালক মাটিৰ পট্টা দিব পৰা যায় ৷ তাৰ বাবে মিছন বসুন্ধৰাৰ দ্বিতীয় পর্যায় ভৱিষ্যতে আৰম্ভ কৰাৰো মুখ্যমন্ত্ৰীয়ে পোষকতা কৰে ।

লগতে পঢ়ক :চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মা উৎকর্ষ কেন্দ্ৰৰ আধাৰশিলা স্থাপন সোণোৱালৰ

মিছন বসুন্ধৰা যাতে ৰাজহ ব্যৱস্থাপনাৰ এক উজ্জ্বল নিদর্শন হিচাপে পৰিগণিত হয়, তাৰ বাবে সকলো বিষয়াই নিষ্ঠাৰে কাম কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে । এই সম্পর্কত মুখ্যমন্ত্ৰীয়ে কয় যে, ভূমি, ৰাজহ, প্ৰশাসন ব্যৱস্থাৰ আমূল পৰিৱৰ্তনৰ দিশত মিছন বসুন্ধৰাই এক সুযোগ প্ৰদান কৰিছে ।

একচনীয়া পট্টা তৌজিবাহী খাজনা নাইকিয়া কৰাৰ পোষকতা মুখ্যমন্ত্রীৰ

সেয়েহে, এই সুযোগ গ্ৰহণেৰে আগন্তুক ৩-৪ বছৰৰ ভিতৰত ৰাজ্যখনৰ ভূমিৰ যিমান সমস্যা আছে সেই সমস্যাসমূহ সমাধান কৰাৰ দিশত বিষয়াসকলে নিষ্ঠাৰে কাম কৰিব লাগিব বুলিও তেওঁ কয় । ভূমিলেখ্য সঞ্চালক জ্ঞানেন্দ্ৰ ত্ৰিপাঠীয়ে আদৰণী ভাষণ প্ৰদান কৰা পর্যালোচনা সভাত মুখ্য সচিব জিষ্ণু বৰুৱাইও মিছনৰ বিভিন্ন দিশ সামৰি বক্তব্য প্ৰদান কৰে ।

অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহা, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ আয়ুক্ত সচিব অমিতাভ ৰাজখোৱাকে ধৰি জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ।

লগতে পঢ়ক :কয়লা মাফিয়াৰে মুখ্যমন্ত্ৰীৰ ভোজ: সংবাদমেলত সৰৱ অসম জাতীয় পৰিষদ

ABOUT THE AUTHOR

...view details