অসম

assam

চিকিৎসাকৰ্মীৰ বাবে হেড গেয়াৰ প্ৰস্তুত হায়াত হাস্পতালৰ

By

Published : Apr 17, 2020, 7:35 PM IST

সম্প্ৰতি চিকিৎসা প্ৰদানৰ সময়ত PPE কীটৰ অভাৱৰ সন্মুখীন হৈছে চিকিৎসা কৰ্মীসকল ৷ যাৰ বাবে মহানগৰীৰ হায়াত হাস্পতালে চিকিৎসকলৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে ‘হেড গেয়াৰ’ ৷ কিন্তু কি এই ‘হেড গেয়াৰ’ ?

Hayat Hospital has made Headgear for doctors
চিকিৎসাকৰ্মীৰ বাবে হেড গেয়াৰ প্ৰস্তুত হায়াত হাস্পতালৰ

গুৱাহাটী,17 এপ্ৰিলঃ ৰাজ্যত চলি থকা কৰ’ণা ভাইৰাছ আতংকৰ মাজতে মহানগৰীৰ হায়াত হাস্পতালৰ এক প্ৰসংশনীয় পদক্ষেপ ৷ সম্প্ৰতি চিকিৎসা প্ৰদানৰ সময়ত PPE কীটৰ অভাৱৰ সন্মুখীন হৈছে চিকিৎসা কৰ্মীসকল ৷ যাৰ বাবে হায়াত হাস্পতালে চিকিৎসকলৰ বাবে প্ৰস্তুত কৰি উলিয়াইছে‘হেড গেয়াৰ’ ৷ বৰ্তমান পৰীক্ষামূলকভাৱে প্ৰায় ২০০ হেড গেয়াৰ প্ৰস্তুত কৰিছে হাস্পতাল কৰ্তৃপক্ষই ।

চিকিৎসাকৰ্মীৰ বাবে হেড গেয়াৰ প্ৰস্তুত হায়াত হাস্পতালৰ

উল্লেখ্য যে, চৰকাৰী হাস্পতালসমূহক কোভিড হাস্পতাললৈ ৰূপান্তৰিত কৰাৰ পিছত সাধাৰণ ৰোগীসকলক চিকিৎসা প্ৰদান কৰি আছে অন্য ব্যক্তিগত চিকিৎসালয়ৰ লগতে হায়াত হাস্পতালেও ৷ অটল অমৃত তথা আন আন চৰকাৰী আঁচনিৰ অধীনত ৰোগীক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰি থকা হৈছে হাস্পতালখনত ৷

চিকিৎসাকৰ্মীৰ বাবে হেড গেয়াৰ প্ৰস্তুত হায়াত হাস্পতালৰ

লগতে পঢ়ক-সামাজিক দুৰত্ব বজাই ৰাখি কাম আৰম্ভ কৰে চাহ শ্ৰমিকে

ABOUT THE AUTHOR

...view details