অসম

assam

ETV Bharat / state

গুৱাহাটী বিশ্ববিদ্যালয়ত কোৱাৰেন্টাইন কেন্দ্ৰ সন্দৰ্ভত উপাচাৰ্যৰ ভাষ্য

স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে কটন বিশ্ববিদ্যালয়ৰ আৱাস-নিৱাসসমূহো কোৱাৰেন্টাইন চেন্টাৰলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সিদ্ধান্তৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক তাৎক্ষণিকভাৱে আৱাসসমূহ খালী কৰাৰ বাবে জাননী জাৰী কৰা হৈছে । ইয়াৰ বিপৰীতে দূৰ-দূৰণিৰ ছাত্ৰ-ছাত্ৰীসকলে সামগ্ৰীসমূহ নিয়াত অসুবিধাৰ সন্মুখীন হ'লে ৱাৰ্ডেনে সযতনে ৰাখি থ'ব সামগ্ৰী ।

By

Published : May 27, 2020, 5:05 PM IST

GU VC reaction on Gauhati University hostel canging into quarantine center
'চৰকাৰী নিৰ্দেশ তথা শিক্ষাৰ্থীৰ অসুবিধাৰ প্ৰতি সমান গুৰুত্ব দিছে কৰ্তৃপক্ষই'- ড৹ প্ৰতাপজ্যোতি সন্দিকৈ

গুৱাহাটী,27 মেঃ বহিঃৰাজ্যৰ পৰা অহা লোকসকলক ৰখাৰ বাবে ৰাজ্যৰ কোৱাৰেন্টাইন চেন্টাৰসমূহত অভাৱ হ'ব পাৰে পৰ্যাপ্ত আসনৰ । সেয়েহে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ লগতে কটন বিশ্ববিদ্যালয়ৰ আৱাসসমূহো কোৱাৰেন্টাইন চেন্টাৰলৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এই সিদ্ধান্তৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক তাৎক্ষণিকভাৱে আৱাসসমূহ খালী কৰাৰ বাবে জাননী জাৰী কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । ইয়াৰ বিপৰীতে দূৰ-দূৰণিৰ ছাত্ৰ-ছাত্ৰীসকলে সামগ্ৰীসমূহ নিয়াৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'লে ৱাৰ্ডেনে সযতনে ৰাখি থ'ব সামগ্ৰী । চৰকাৰী নিৰ্দেশ তথা শিক্ষাৰ্থীৰ অসুবিধাৰ প্ৰতি কৰ্তৃপক্ষই সমানেই গুৰুত্ব দিয়া বুলি জানিবলৈ দিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ প্ৰতাপজ্যোতি সন্দিকৈয়ে । বিশ্ববিদ্যালয়ৰ আৱাসসমূহ অধিগ্ৰহণ কৰাৰ জাননী দিয়া হৈছে যদিও প্ৰয়োজন সাপেক্ষে ইয়াক কোৱাৰেন্টাইন চেন্টাৰলৈ ৰূপান্তৰিত কৰা হ'ব বুলিও মন্তব্য কৰে উপাচাৰ্য গৰাকীয়ে ।

ৱাহাটী বিশ্ববিদ্যালয়ৰ হোষ্টেল কোৱাৰেন্টাইন চেন্টাৰ কৰা সিদ্ধান্তৰ প্ৰতিক্ৰিয়া উপাচাৰ্যৰ

আনহাতে, জুন মাহত সকলো যাৱতীয় কাম-কাজ সম্পূৰ্ণ কৰি জুলাইৰ পৰা বিশ্ববিদ্যালয়ৰ পাঠদান আৰম্ভ কৰা হ'ব বুলি জনায় উপাচাৰ্যগৰাকীয়ে । সম্প্ৰতি অনলাইন মাধ্যমৰে পাঠদান প্ৰক্ৰিয়া চলি আছে । কিন্তু অনলাইন মাধ্যমৰে শিক্ষাদান সম্পন্ন কৰাত যথেষ্ট অসুবিধা আছে । অনলাইন মাধ্যম শিক্ষা গ্ৰহণৰ একমাত্ৰ আহিলা হ'ব নোৱাৰে । ই শিক্ষা ব্যৱস্থাৰ এক অংশহে বুলি মন্তব্য কৰে উপাচাৰ্য ড৹ প্ৰতাপজ্যোতি সন্দিকৈয়ে ।

লগতে পঢ়ক-কামৰূপত এহাজাৰ লোকৰ বাবে কোৱাৰেন্টাইনৰ ব্যৱস্থা এগৰাকী ব্যৱসায়ীৰ

ABOUT THE AUTHOR

...view details