অসম

assam

By

Published : Oct 29, 2022, 9:24 PM IST

ETV Bharat / state

Bharalu Garbage Disposal Scam: নিলম্বন হ’ল পৌৰ নিগমৰ তদানীন্তন অধীক্ষক

শনিবাৰে গুৱাহাটী পৌৰ নিগমৰ তদানীন্তন অধীক্ষক মনজিৎ বুজৰবৰুৱাক নিলম্বন কৰা হয় ৷ ভৰলু জাৱৰ নিষ্কাশনৰ নামত সংঘটিত হোৱা কেলেংকাৰিৰ (Bharalu Garbage Disposal Scam) বাবেই যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ প্ৰতিবেদনৰ ভিত্তিত নিলম্বন কৰা হয় পৌৰ নিগমৰ তদানীন্তন অধীক্ষকজনক ৷

gmc-superintendent-suspended-over-bharalu-garbage-disposal-scam
নিলম্বন হ’ল পৌৰ নিগমৰ তদানীন্তন অধীক্ষক

গুৱাহাটী, ২৯ অক্টোবৰ:শেহতীয়াকৈ পোহৰলৈ অহা গুৱাহাটী পৌৰ নিগমৰ (Guwahati Municipal Corporation) ভৰলু জাৱৰ নিষ্কাশনৰ নামত সংঘটিত হোৱা কেলেংকাৰিৰে (Bharalu Garbage Disposal Scam) জড়িত আন এক তথ্য ফাদিল হৈছে । এই কেলেংকাৰিৰ সৈতে জড়িত গুৱাহাটী পৌৰ নিগমৰ তদানীন্তন অধীক্ষক মনজিৎ বুজৰবৰুৱাক শনিবাৰে নিলম্বন কৰা হয় ।

নিলম্বন হ’ল পৌৰ নিগমৰ তদানীন্তন অধীক্ষক

যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ প্ৰতিবেদনৰ ভিত্তিত গুৱাহাটী পৌৰ নিগমৰ তদানীন্তন অধীক্ষক মনজিৎ বুজৰবৰুৱাক নিলম্বনৰ নিৰ্দেশ দিয়া হয় (GMC Superintendent Suspended) । বৰ্তমান মনজিৎ বুজৰবৰুৱা পৌৰসভাৰ প্ৰশাসনিক বিভাগত কৰ্মৰত (GMC Superintendent Manjit Bujarbaruah) । উল্লেখযোগ্য যে, ভৰলুৰ আৱৰ্জনা নিষ্কাশনৰ নামত অহা বিপুল পৰিমাণৰ ধন আত্মসাৎ কৰিছিল মনজিত বুজৰবৰুৱাই । ৫০ লাখ টকাৰ ৪০ লাখ টকায়ে আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে মনজিৎ বুজৰবৰুৱাৰ বিৰুদ্ধে ৷

ইয়াৰ পূৰ্বেও গুৱাহাটী পৌৰ নিগমত সংঘটিত বহু কোটি টকাৰ ভুৱা বিল কেলেংকাৰিত নিগমৰ অ’এছডি আৰু ছয়জন কাৰ্যবাহী অভিযন্তাকে ধৰি ৮ জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল । পৌৰ নিগমৰ বোকা নিষ্কাশনৰ কেলেংকাৰীত গ্ৰেপ্তাৰ হোৱা ৯ বিষয়াক ইতিমধ্যে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । বোকা নিষ্কাশন কেলেংকাৰীৰে নাম সাঙোৰ খাই গ্ৰেপ্তাৰ হৈছিল ৯ জন বিষয়া, ঠিকাদাৰ ।

নিলম্বন হ’ল পৌৰ নিগমৰ তদানীন্তন অধীক্ষক

ইতিমধ্যে বাবুলাল শৰ্মা, আছিফ আহমেদ, এলিন বেগম, শংকৰ মেধি, হিৰণ্য বৰ্মন, দিনেশ জয়ছোৱাল, ৰমাকান্ত শইকীয়া, চিত্তৰঞ্জন দত্তক জেললৈ প্ৰেৰণ কৰা হৈছে । ইফালে পূৰ্বতে জেললৈ প্ৰেৰণ কৰা চিএ অভিমন্যু মেধীকো আদালতত হাজিৰ কৰি ১৪ দিনৰ বাবে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে । চলিত বৰ্ষত জি এম চিত বোকা আঁতৰোৱা কামৰ ভুৱা বিল দি প্ৰায় ২ কোটি ২১ লাখ ৬৪ হাজাৰ ৭০০ টকা উলিয়াই নিছিল চক্ৰটোৱে ৷

বোকা আঁতৰোৱা কামৰ দাখিল কৰা নথি-পত্ৰ দেখি গুৱাহাটী পৌৰ নিগমৰ তদানীন্তন আয়ুক্ত দেৱাশিস শৰ্মাৰ সন্দেহ ওপজাত লগে লগে তেওঁ ২ কোটি ২১ লাখ ৬৪ হাজাৰ ৭০০ টকাৰ কাম-কাজৰ তদন্ত কৰিবলৈ পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক নিৰ্দেশ দিয়ে । এই নিৰ্দেশৰ ভিত্তিতে পংকজ চক্ৰৱৰ্তীয়ে তদন্ত আৰম্ভ কৰে । যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক তদন্ত প্ৰতিবেদন পোহৰলৈ আহিছিল যে ভুৱা বিল দি গুৱাহাটী পৌৰ নিগমৰ বিষয়াকেইজনে কোটি কোটি টকা লুটিছিল ।

পৰৱৰ্তী সময়ত পৌৰ নিগমৰ আয়ুক্ত দেৱাশীষ শৰ্মাই গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত পংকজ চক্ৰৱৰ্তীক তদন্ত প্ৰতিবেদনৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত এখন এজাহাৰ দাখিল কৰিছিল । সেই এজাহাৰৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে ৪/২০২২ নম্বৰত গোচৰ ৰুজু কৰি ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক:Funeral of Neel Pawan Baruah: কেনভাছ উকা কৰি পঞ্চভূতত বিলীন হ’ল নীলপৱন বৰুৱা

ABOUT THE AUTHOR

...view details