গুৱাহাটী, ২১ ডিচেম্বৰ: অধিবক্তাক হেণ্ডকাফ লগাই বিপদত পৰিছে অসম আৰক্ষী । ২০২১ চনৰ ৰুজু হোৱা এক গোচৰৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিঙক সকীয়নি প্ৰদান কৰাৰ লগতে আৰক্ষীক ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে ।
এজন অধিবক্তাক হেণ্ডকাফ লগোৱাৰ বাবেই ন্যায়ালয়ৰ ৰোষৰ সন্মূখীন হৈছে আৰক্ষী সঞ্চালক প্ৰধান আৰু অসম আৰক্ষী । উল্লেখ্য যে ২০১৬ চনত গুৱাহাটীৰ পাণবজাৰত গাড়ী পাৰ্কিং কৰাক কেন্দ্ৰ কৰি এজন অধিবক্তাৰ গৃহৰক্ষী বাহিনীৰ জোৱানৰে কাজিয়া হৈছিল । সেই কাজিয়াক কেন্দ্ৰ কৰি ৰুজু হোৱা গোচৰত অধিবক্তাজনক গ্ৰেপ্তাৰ কৰি পানবজাৰ থানাৰ আৰক্ষীয়ে হেণ্ডকাফ লগাইছিল ।
উক্ত বিবাদৰ গোচৰত অধিবক্তাজন দোষমুক্ত হৈছিল যদিও পৰৱৰ্তী সময়ত তেওঁ হেণ্ডকাফ লগোৱা ঘটনা সন্দৰ্ভত ন্যায়ালয়ত মানহানিৰ গোচৰ ৰুজু কৰে । ২০২১ চনত ন্যায়ালয়ত কৰা লেখ আবেদনৰ ভিত্তিত WP (C) 2783/2021 নম্বৰত গোচৰ ৰুজু হয় । সেই লেখ আবেদনৰ গোচৰৰ ভিত্তিত ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে । হেণ্ডকাফ লগাই আৰক্ষীয়ে অধিবক্তাজনৰ মানহানি কৰা সন্দৰ্ভত ন্যায়ালয়ে ৰায় প্ৰদান কৰি আৰক্ষীক ৫ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিয়ে ।