অসম

assam

ETV Bharat / state

কেবৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব "নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ"ই

কেব আৰু বিজেপিৰ বিৰুদ্ধে আকৌ গৰজিল "নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ" ৷ গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত বিশিষ্ট সাহিত্যিক হীৰেন গোহাঁই আৰু মনজিৎ মহন্তই ইয়াৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰ পোষকতা কৰে ৷

forum against citizenship act amendment bill
কেবৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব "নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ"ই

By

Published : Dec 10, 2019, 2:44 AM IST

গুৱাহাটী, 9 ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পুনৰ সংবাদমেলত ক্ষোভ উজাৰিলে "নাগৰিকত্ব আইন সংশোধন বিৰোধী মঞ্চ"ই । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সংবাদমেলত বিশিষ্ট সাহিত্যিক হীৰেন গোহাঁই কয় যে কোনো বিশেষ আলোচনা নোহোৱাকৈয়ে সংখ্যাগৰিষ্ঠৰ বলত লোকসভাত বিজেপিয়ে কেব গৃহীত কৰিলে ৷ লগতে কয় যে গৃহমন্ত্ৰীয়ে ইয়াৰ সমৰ্থনত যিটো যুক্তি দিলে তাত আমি নানা ধৰণৰ ফাঁট লক্ষ্য কৰিছো ৷ এই অপকৰ্মত থলুৱা লোক স্বাভাৱিকতে বিচলিত হ’ব ৷ লগতে ইয়াৰ সুযোগ লৈ বিজেপিৰ কোনো দালালে প্ৰৰোচনামূলক মন্তব্য কৰি উত্তেজনা বৃদ্ধি কৰাৰ আশংকা নথকা নহয় বুলিও তেওঁ মন্তব্য কৰে ৷ ইয়োৰোপৰি তেওঁ আৰু কয় যে আমি দেখি সন্তোষ পাইছো যে কেইবাটাও বাঙালী সংগঠন আৰু বিশিষ্ট ভদ্ৰলোকে বৈধ ভাৰতীয় বঙালীক আহ্বান জনাইছে এই বিভেদমূলক জাতিধ্বংসী আইনৰ বিৰোধিতা কৰিবলৈ । আৰু অসমৰ সকলো নাগৰিকে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে এই অসম বিৰোধী বিধেয়কৰ বিৰোধিতা কৰাটো ৰাজ্যখনৰ বাবে মংগলজনক । হীৰেন গোহাঁইয়ে আৰু কয় যে এই আন্দোলন অব্যাহত থাকিব লগতে আইনী যুজঁখনো চলাই যাবলৈ মনস্থ কৰিছো ।

আনহাতে এই সংবাদমেলতে মনজিৎ মহন্তই কয় যে আমি আমাৰ মঞ্চৰ পৰা সিদ্ধান্ত লৈছো যে ৰাজপথৰ এই সংগ্ৰাম চলি থাকিব । আছু, কৃষক মুক্তিকে ধৰি যি সকলে আন্দোলন কৰি আছে সকলোবোৰতে আমি সহযোগ কৰিছো । 10 ডিচেম্বৰত যি বন্ধ ঘোষণা কৰা হৈছে সেয়া সফল হ’ব বুলি আশা কৰো । লগতে কয় আইনী যুঁজৰ বাবে কথা বতৰা আৰম্ভ কৰিছো । চুপ্ৰিম ক’ৰ্টত আমাৰ তৰফৰ পৰা গোচৰ কৰিম ৰাইজৰ হৈ । সকলোৱে যিমান পাৰে দান বৰঙণি আগবঢ়াব বুলি ৰাইজলৈ তেওঁ আহ্বান জনায় ।

আৰু পঢ়কঃতেজেৰে ইতিহাস লিখি 'আকৌ শৰাইঘাটলৈ' গুৱাহাটী বিশ্ববিদ্যালয়

ABOUT THE AUTHOR

...view details