গুৱাহাটী, ৬ এপ্ৰিলঃ কৰ'ণা ভাইৰাছৰ আতংকৰ বাবে সমগ্ৰ দেশতে ২১ দিনীয়া লক ডাউন । লক ডাউন এই সময়ত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া সকলৰ অৱস্থা পানীৰ হাঁহ নচৰা হৈছে । অসমীয়া ছবি জগতৰ লগত জড়িত এনে বহু ব্যক্তি আছে যি সকলে এদিন কাম নকৰিলে তেওঁলোৰ ঘৰত চৌকা নজ্বলে। বিশেষকৈ লাইটমেন, বুমমেন, মেকআপ আৰ্টিষ্ট সকলৰ বহু অসুবিধাৰ সন্মুখীন হৈছে তলাবন্ধৰ এই সময়ত। ছবি জগতৰ লগত জড়িত এই ব্যক্তি সকলক সহায় কৰিবলৈ ওলাই আহিছে ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকৰ সচিব লক্ষ্য কোঁৱৰ।
অসমীয়া ছবি জগতৰ কাৰিকৰী কলা-কুশলীৰ খাদ্য সামগ্ৰী প্ৰদান
অসমীয়া ছবি জগতৰ লগত জড়িত কাৰিকৰী কলা-কুশলীক খাদ্য সামগ্ৰী প্ৰদান ক্ৰীড়া আৰু যুৱ কল্যান সঞ্চালকৰ সচিব লক্ষ্য কোঁৱৰৰ। ১২০ টাকৈ পৰিয়ালক এসপ্তাৰ খাদ্য সামগ্ৰী যোগান ধৰিলে লক্ষ্য কোঁৱৰে। অভিনেত্ৰী তথা বটদ্ৰৱ সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই অভিনেত্ৰী অমৃতা গগৈ আৰু কৰিঅ'গ্ৰাফাৰ উদয় শংকৰৰ হাতত অৰ্পণ কৰিলে খাদ্য সামগ্ৰী।
সোমবাৰে লক্ষ্য কোঁৱৰে ছবি জগতৰ লগত জড়িত ১২০ টাকৈ পৰিয়ালক যোগান ধৰে এসপ্তাহৰ খাদ্য সামগ্ৰী। লক্ষ্য কোঁৱৰৰ লগতে অভিনেত্ৰী তথা বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই এই খাদ্য সামগ্ৰী সমূহ অসমীয়া ছবি জগতৰ অভিনেত্ৰী অমৃতা গগৈ আৰু কৰিঅ'গ্ৰাফাৰ উদয় শংকৰৰ হাতত অৰ্পণ কৰে । অমৃতা গগৈ আৰু উদয় শংকৰে এই সামগ্ৰী সমূহ ছবি জগতৰ লগত জড়িত লাইটমেন, বুমমেন, মেকআপ আৰ্টিষ্ট সকলক যোগান ধৰাৰ দায়িত্ব গ্ৰহণ কৰে ।
উল্লেখ্য যে, সংকটৰ এই সময়ত বিভিন্ন জনে নিজৰ সমৰ্থ অনুযায়ী সমাজৰ দুখীয়া, দৰিদ্ৰ শ্ৰেণীৰ লোক সকলৰ বাবে সহায়ৰ হাত আগুৱাই দিছে। ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে প্ৰতিদিনে এইদৰে দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ লোকক খাদ্য সমগী যোগান ধৰিছে বিভিন্ন জনে।