অসম

assam

ETV Bharat / state

দহ দিন পিছত মুকলি হ'ল ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱা

অন্ত পৰিল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যাত্ৰী সকলৰ যাতায়তৰ অসুবিধা ৷ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত বন্ধ হৈ থকা ফেৰী সেৱা পুনৰ মুকলি হ'ল ৷ জলস্তৰ বৃদ্ধি পোৱা বাবে যোৱা দহ দিন ধৰি বন্ধ হৈ আছিল গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱা ৷

By

Published : Jul 22, 2019, 4:42 PM IST

দহ দিন পিছত মুকলি হ'ল ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱা

গুৱাহাটী, 22 জুলাইঃ পুনৰ মুকলি হ’ল দহ দিন ধৰি ব্ৰহ্মপুত্ৰৰ বুকুত বন্ধ হৈ থকা ফেৰী সেৱা ৷ বানৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত দহ দিন ধৰি বন্ধ কৰি ৰখা হৈছিল ব্ৰহ্মপুত্ৰৰ ফেৰী সেৱা । অৱশেষত অন্ত পৰিল গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যাত্ৰী সকলৰ যাতায়তৰ অসুবিধা ৷ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাত যাত্ৰী সকলৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি আভ্যন্তৰীণ জল পৰিবহণ বিভাগে বিগত দহ দিন ধৰি বন্ধ কৰি ৰাখিছিল ফেৰী সেৱা ৷

দহ দিন পিছত মুকলি হ'ল ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱা

সোমবাৰে পুৱা ৭ বজাৰ পৰা পুনৰ চলিল ব্ৰহ্মপুত্ৰৰ বুকুত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফেৰী । যোৱা ১২ জুলাইৰ পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱা বাতিল কৰা হৈছিল ৷ দহ দিন পিছত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাত আজিৰ পৰা পুনৰ মুকলি কৰিছে ফেৰী সেৱা । গুৱাহাটীৰ পৰা মধ্যমখণ্ড, ৰজাদুৱাৰ আৰু মাজবাটৰ মাজত পুনৰ চলিল ফেৰী সেৱা ।

জুলাই মাহৰ প্ৰথম ভাগৰে পৰা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন নৈ সমূহৰ লগতে ব্ৰহ্মপুত্ৰ নদীও ওফন্দি উঠিছিল । ব্ৰহ্মপুত্ৰ নদী বিপদ সীমা চেৰাই ৫১.২৩ ছেন্টিমিটাৰ ওপৰেৰে বৈ থকাৰ ফলত বন্ধ কৰি দিয়া হৈছিল ফেৰী সেৱা । বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ তলত থকাৰ বাবে পুনৰ ফেৰী সেৱা মুকলি কৰা হৈছে । ব্ৰহ্মপুত্ৰ নৈ গুৱাহাটীত বৰ্তমান বিপদ সীমাৰ পৰা ২.৪৮ ছেন্টিমিটাৰ তলেৰে বৈ আছে । বানে ভয়াবহ ৰূপ ধাৰণ কৰাত ৰাজ্যৰ ৩৩ জিলাৰ ভিতৰত ৩২ খন জিলা জলমগ্ন হৈ পৰিছিল । বানৰ ফলত প্ৰায় ৫৭ লাখ লোক প্ৰভাৱিত হৈছিল আৰু লক্ষাধিক লোক বানৰ কৱলত পৰি গৃহহীন হ'বলগা হৈছিল ।

ABOUT THE AUTHOR

...view details