অসম

assam

By

Published : May 2, 2023, 9:38 PM IST

ETV Bharat / state

Erosion at Panikhaiti : পানীখাইটিত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

বাৰষাৰ পূৰ্বে খহনীয়া ৰোধ কৰাৰ বাবে তৎপৰ হৈছে ৰাজ্যৰ জলসম্পদ বিভাগ ৷ বিভাগীয় মন্ত্ৰী পীযুষ হাজৰীকাই বিভিন্ন স্থানত উপস্থিত হৈ বুজ লৈছে কাম-কাজৰ ৷ মঙলাৰে পানীখাইটী অঞ্চলত খহনীয়া প্ৰতিৰোধনৰ কামৰ অগ্ৰগতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে (Minister Piyush Hazarika) ৷

Etv Bharat
Etv Bharat

পানীখাইটিত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ কাম পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

গুৱাহাটী, 2 মে’: অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মঙলবাৰে দিছপুৰ সমষ্টিৰ অন্তৰ্গত পানীখাইটি অঞ্চলৰ হাতীশিলা মন্দিৰৰ কাষৰীয়া স্থানত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়া ৰোধৰ বাবে বিভাগে কৰি থকা কাম পৰিদৰ্শন কৰে ৷ উল্লেখ্য যে, বিগত সময়ত নাৰেংগীৰ পৰা পবিতৰা অভয়াৰণ্য আৰু জাগী ভকতগাঁও সংযোগী পথটিৰ পানীখাইটি অঞ্চলত ব্ৰহ্মপুত্ৰৰ খহনীয়াই ভাবুকিৰ সৃষ্টি কৰাত বিভাগীয়ভাৱে খহনীয়া ৰোধৰ বাবে প্ৰয়াস কৰা হৈছিল (Erosion at Panikhaiti) ৷

জিঅ’ বেগ, এপ্ৰ’ন আৰু পাৰ্কুপাইন আদিৰ জড়িয়তে জলসম্পদ বিভাগে তৎপৰতাৰে খহনীয়া ৰোধৰ বাবে কাম কৰি বহুখিনি সফলতাও লাভ কৰিছিল ৷ মন্ত্ৰী পীযুষ হাজৰীকায়ো বিগত সময়ত তিনিবাৰকৈ উক্ত অঞ্চলটো ভ্ৰমণ কৰি কামৰ অগ্ৰগতিৰ প্ৰত্যক্ষ বুজ লৈ আছে ৷ আজি পুনৰ বিভাগৰ মুখ্য অভিযন্তাক লগত লৈ উক্ত স্থানত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে খহনীয়াৰ শেহতীয়া স্থিতি আৰু কামৰ অগ্ৰগতিৰ বুজ লয় (Piyush Hazarika at Panikhaiti) ৷

আনহাতে, অঞ্চলটোত মূল পথৰ ফালে আগবাঢ়ি অহা নদীৰ সোঁতক সলনি কৰি নদীৰ বুকুত প্ৰায় দুই কিল’মিটাৰ মানৰ নিলগত থকা চৰৰ মাজেৰে বোৱাই নিয়াৰ বাবে বিভাগৰ ফালৰ পৰা পৰিকল্পনা যুগুত কৰা হৈছে ৷ মন্ত্ৰী হাজৰীকাই আজি নাৱেৰে নদীৰ মাজৰ চৰ অঞ্চলটোত উপস্থিত হৈ উক্ত পৰিকল্পনাৰ বিষয়ে চৰজমীন বুজ লয় ৷

উল্লেখ্য যে, নদীৰ পাৰৰ পৰা প্ৰায় দুই কিল’মিটাৰ নিলগৰ চৰৰ মাজেৰে দীঘলীয়াকৈ খাল কাটি নদীৰ সুঁত সলনি কৰি পাৰৰ খহনীয়া কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পৰা যায় নেকি সেই বিষয়ে চিন্তা কৰি বিভাগৰ ফালৰ পৰা ইতিমধ্যে পৰিকল্পনা যুগুত কৰা হৈছে ৷ আজিৰ পৰিদৰ্শনকালত জলসম্পদ মন্ত্ৰীগৰাকীয়ে বিভাগীয় মুখ্য অভিযন্তা আৰু আন অভিযন্তাসকলৰ সৈতে এই বিষয়ে বিষদভাৱে আলোচনা কৰে আৰু প্ৰয়োজন সাপেক্ষে আন অভিজ্ঞ অভিযন্তাৰ সৈতে আলোচনা কৰি হ’লেও এই ক্ষেত্ৰত উচিত পদক্ষেপ ল’বলৈ তেওঁ বিভাগক নিৰ্দেশনা প্ৰদান কৰে |

আজিৰ পৰিদৰ্শন কালত উপস্থিত হোৱা স্থানীয় সাংবাদিকসকলৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে, ব্ৰহ্মপুত্ৰৰ দৰে এখন বিশাল নদীৰ খহনীয়া পোনচাটেই সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা যাব বুলি ক’ব নোৱাৰি ৷ কিন্তু বিভাগীয় অভিযন্তা আৰু ঠিকাদাৰসকলৰ আন্তৰিক প্ৰয়াসৰ বাবে ইতিমধ্যে পানীখাইটিত নদী খহনীয়া কিছু পৰিমাণে হ’লেও নিয়ন্ত্ৰণ কৰিব পৰা হৈছে ৷

আনহাতে, উজনি অসমৰ তিনিচুকীয়া জিলাত জলসম্পদ বিভাগে দিবাং নদীৰ পানীৰ নতুন সুঁতি সৃষ্টি কৰি বোৱাই নিবলৈ চেষ্টা কৰি নামনি অংশত খহনীয়া ৰোধত কিছু পৰিমাণে সফল হোৱা বুলি মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, পানীখাইটি অঞ্চলতো চৰৰ মাজেৰে খাল কাটি নদীৰ সোঁত কিছু পৰিমাণে সলনি কৰিবলৈ প্ৰয়াস কৰা হ’ব ৷ এই ক্ষেত্ৰত বিভাগীয়ভাৱে ইতিমধ্যেই প্ৰয়োজনীয় পদক্ষেপ হাতত লোৱা হৈছে ৷

লগতে পঢ়ক:Assam Govt Recruitment : বুধবাৰে তৃতীয় বৰ্গৰ ১১ হাজাৰ পদৰ পৰীক্ষাৰ ফলাফল; মুখ্যমন্ত্ৰীৰ টুইট

ABOUT THE AUTHOR

...view details