অসম

assam

ETV Bharat / state

এপ্ৰিলৰ ভিতৰত 15 হাজাৰ প্ৰাথমিক শিক্ষক, 4 হাজাৰ মাধ্যমিক শিক্ষকৰ নিযুক্তি : হিমন্ত বিশ্ব শৰ্মা

অহা এপ্ৰিল মাহৰ ভিতৰত 15 হাজাৰ প্ৰাথমিক শিক্ষকক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ফেব্ৰুৱাৰী মাহৰ ভিতৰত মাধ্যমিক টেট পৰীক্ষাৰ ফলাফল ঘোষণা কৰি 4 হাজাৰ মাধ্যমিক শিক্ষকক নিযুক্তি দিয়াৰ কথা প্ৰকাশ সংবাদমেলত ৷

By

Published : Jan 25, 2020, 7:25 PM IST

এপ্ৰিলৰ ভিতৰত 15 হাজাৰ প্ৰাথমিক শিক্ষক, 4 হাজাৰ মাধ্যমিক শিক্ষকৰ নিযুক্তি : হিমন্ত বিশ্ব শৰ্মা
এপ্ৰিলৰ ভিতৰত 15 হাজাৰ প্ৰাথমিক শিক্ষক, 4 হাজাৰ মাধ্যমিক শিক্ষকৰ নিযুক্তি : হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী, 25 জানুৱাৰীঃ পুনৰ শিক্ষামন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাচত শনিবাৰে জনতাভৱনত এখন সংবাদমেল সম্বোধন কৰে মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শিক্ষাবিভাগৰ ক্ষেত্ৰত লোৱা বিভিন্ন নতুন পৰিকল্পনা সম্পৰ্কে সংবাদমেলত বিতংভাৱে উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ৷

অহা এপ্ৰিল মাহৰ ভিতৰত 15 হাজাৰ প্ৰাথমিক শিক্ষকক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ ফেব্ৰুৱাৰী মাহৰ ভিতৰত মাধ্যমিক টেট পৰীক্ষাৰ ফলাফল ঘোষণা কৰি 4 হাজাৰ মাধ্যমিক শিক্ষকক নিযুক্তি দিয়াৰ কথা প্ৰকাশ সংবাদমেলত ৷

এপ্ৰিলৰ ভিতৰত 15 হাজাৰ প্ৰাথমিক শিক্ষক, 4 হাজাৰ মাধ্যমিক শিক্ষকৰ নিযুক্তি

আনহাতে শিক্ষাবিভাগত এখন নতুন আইন প্ৰণয়ন কৰাৰ কথাও প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই ৷ এই আইন অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষালৈকে যি ছাত্ৰ-ছাত্ৰীৰ এটা বিষয়ও অসমীয়া নাথাকে, তেনে ছাত্ৰ-ছাত্ৰীয়ে ভৱিষ্যতে অসমত কোনো চাকৰি নাপাব বুলি জনায় মন্ত্ৰীগৰাকীয়ে ৷ বিদ্যালয়ত অসমীয়া ভাষা বাধ্যতামূলক কৰা বাবে বাজেটত এই নতুন আইন অন্তৰ্ভুক্ত কৰা হ'ব ৷ এই সন্দৰ্ভত কোনো শিক্ষক সন্থাৰ সৈতে আলোচনাত মিলিত নহয় মন্ত্ৰীগৰাকী ৷ শিক্ষক সংগঠন সমূহক দিছপুৰ আৰু কাহিলীপাৰালৈ নাহিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ ৷ ৱেবচাইটযোগে মন্ত্ৰীগৰাকীক সকলো অভিযোগ অৱগত কৰিব পাৰিব শিক্ষকসকলে ৷

শিক্ষাবিভাগত এখন নতুন আইন প্ৰণয়ন কৰাৰ কথাও প্ৰকাশ

2020 বৰ্ষত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক চৰকাৰে যোগান ধৰিব 4 যোৰকৈ ইউনিফৰ্ম ৷ ইয়াৰে এজোৰ ইউনিফৰ্ম হ'ব খেলা-ধুলাৰ বাবে ৷ নৱম আৰু দশম শ্ৰেণী প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক বছৰি যোগান ধৰা হ'ব দুজোৰকৈ ইউনিফৰ্ম ৷ প্ৰতিযোৰ ইউনিফৰ্মৰ বাবদ খৰচ হ'ব 350 টকাত ৷ বিদ্যালয় পৰিচালনা সমিতিয়ে যোগান ধৰিব এই ইউনিফৰ্ম ৷

2020 বৰ্ষত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক চৰকাৰে যোগান ধৰিব 4 যোৰকৈ ইউনিফৰ্ম

ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে যে, 15 আগষ্টৰ ভিতৰত 4993 খন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ'ব ৷ এই বিদ্যালয়সমূহত মুঠ 13562 টা শিক্ষকৰ পদ প্ৰাদেশিকীকৰণ কৰাৰ কথা ঘোষণা মন্ত্ৰীগৰাকীৰ ৷ ইয়াৰ সমান্তৰালকৈ 15 আগষ্টৰ পূৰ্বেই 626 খন হাইস্কুল প্ৰাদেশিকীকৰণ কৰি 4828 টা শিক্ষকৰ পদ নিয়মীয়া কৰা হ'ব ৷ 5800 ঠিকাভিত্তিক হাইস্কুলৰ শিক্ষকৰ দৰমহা নিয়মীয়া শিক্ষকৰ দৰমহাৰ হাৰত প্ৰদানৰ লগতে অন্যান্য সা-সুবিধা প্ৰদানৰ বাবেও এখন আইন প্ৰণয়ন কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ সৰ্বশিক্ষাৰ অধীনত কাম কৰি থকা 3200 টেট শিক্ষকৰ চাকৰি প্ৰায় নিয়মীয়াকৰণ হ'ব বুলি জনায় হিমন্ত বিশ্ব শৰ্মাই ৷

15 আগষ্টৰ ভিতৰত 4993 খন প্ৰাথমিক আৰু মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ'ব

উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰটো কেতবোৰ পৰিকল্পনা গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৷ সেই অনুসৰি 30 খন নতুন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ লগতে 900 কলেজ শিক্ষকৰ চাকৰি নিয়মীয়া কৰা হ'ব ৷ ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, যোৱা ডেৰ বছৰত যিমান শিক্ষকৰ বদলি হ'ল, সেইসকলোবোৰ পুনৰীক্ষণ কৰা হ'ব আৰু প্ৰয়োজন সাপেক্ষে পুনৰ পূৰ্বৰ স্থানলৈ যাব লাগিব শিক্ষকসকল ৷

উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ ক্ষেত্ৰটো কেতবোৰ পৰিকল্পনা গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই

বড়ো সমস্যাৰ শান্তিপূৰ্ণ সমাধানৰ বাবে নতুন ইউটিচি গঠনৰ সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয় যে, নতুন UTC গঠন নহয় আৰু অসমতো কোনো বিভাজন নহয় ৷ শোণিতপুৰ জিলাখনক ভাগ ভাগ কৰিব বুলি অপপ্ৰচাৰ চলোৱা হৈছে,কোনো নতুন গাঁও অন্তৰ্ভুক্ত নহয় ৷ বি টি এডিত শান্তি প্ৰতিষ্ঠাৰ বাবেহে হ'ব এই চুক্তি, কেন্দ্ৰীয় চৰকাৰে এই সম্পৰ্কে অসম চৰকাৰক জনাইছে বুলি জানিবলৈ দিয়ে হিমন্ত বিশ্ব শৰ্মাই ৷

ABOUT THE AUTHOR

...view details