অসম

assam

By

Published : Nov 20, 2020, 7:41 PM IST

ETV Bharat / state

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ দিলীপ শইকীয়াৰ

শুকুৰবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ পদত আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে সাংসদ দিলীপ শইকীয়াই ৷ দিল্লীস্থিত ভাৰতীয় জনতা পাৰ্টীৰ সদৰ কাৰ্যালয়ত দায়িত্বভাৰ গ্ৰহণ কৰে সাংসদ গৰাকীয়ে ৷

as_Dilip_Saikia_oath_taking_img_as10028
বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ দিলীপ শইকীয়াৰ

গুৱাহাটী, 20 নৱেম্বৰঃ আজি আনুষ্ঠিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই ৷ দিল্লীস্থিত ভাৰতীয় জনতা পাৰ্টীৰ সদৰ কাৰ্যালয়ত দায়িত্বভাৰ গ্ৰহণ কৰে সাংসদ গৰাকীয়ে ৷ বিজেপিৰ অসম প্ৰদেশৰ তৰফৰ পৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা ঘোষণা কৰা হয় ৷ উল্লেখ্য যে,এবিভিপি তথা বিজেপিৰ বিভিন্ন পদৰ দায়িত্ব নিষ্ঠাৰে পালন কৰা দিলীপ শইকীয়া হৈছে দলটোৰ ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলা প্ৰথমগৰাকী অসমীয়া ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ দিলীপ শইকীয়াৰ

শুকুৰবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ অসম ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাস ৷ ইয়াৰ উপৰিও উপস্থিত থাকে বিজেপিৰ উত্তৰ-পূবৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক অজয় জামোৱাল,ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে অন্যান্য কৰ্মকৰ্তাসকল ৷

লগতে পঢ়ক-দুলীয়াজান অধিৱেশনৰ লুৰিণজ্যোতি গগৈৰে বিশেষ সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details