গুৱাহাটী,৩১ মে' : শীঘ্ৰে আৰম্ভ হ'ব ২০১৯-২০ শিক্ষাবৰ্ষৰ দিল্লী বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ত নামভৰ্ত্তিৰ প্ৰক্ৰিয়া। এই নামভৰ্ত্তি প্ৰক্ৰিয়াত অসমীয়া ছাত্ৰ-ছাত্ৰীৰ সহায়ক হ'ব পৰাকৈ অসমীয়া ছাত্ৰ সন্থাই গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। অসমৰ বহু কেইখন জিলাত অসমীয়া ছাত্ৰ সন্থাই খুলিছে নামভৰ্ত্তি সহায়ক কেন্দ্ৰ। গুৱাহাটীৰ শ্বহীদ ন্যাসত ৩১ মে' ৰ পৰা ৩ জুন লৈ অসমৰ ছাত্ৰ ছাত্ৰী সকলক সহায়ৰ বাবে নতুন দিল্লীৰ অসমৰ ছাত্ৰ ছাত্ৰী সকলৰ সংগঠন সদৌ অসমীয়া ছাত্ৰ সন্থাৰ নামভৰ্তিৰ সহায়ক কেন্দ্ৰ উপলব্ধ হ'ব। ৬ জুনত গোলাঘাটৰ ডি আৰ কলেজত,৭ জুনত যোৰহাটৰ অভিজ্ঞান একাডেমীত,৮ জুনত শিৱসাগৰৰ আছুৰ মুখ্য কাৰ্যালয়ত, ৯ আৰু ১০ জুনত ডিব্রুগড় বিশ্ববিদ্যালয়ত নামভৰ্তি সহায়ক কেন্দ্ৰত আগ্ৰহী ছাত্ৰ-ছাত্ৰী সকলে পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব।
দিল্লী বিশ্ববিদ্যালয়ত নাম ভৰ্তিৰ বাবে অসমীয়া ছাত্ৰ সন্থাৰ বিশেষ পদক্ষেপ
দিল্লী বিশ্ববিদ্যালয়ত স্নাতক পৰ্যায়ত অসমীয়া ছাত্ৰ-ছাত্ৰী সকলৰ নামভৰ্ত্তিৰ সহায়ৰ বাবে খোলা হৈছে নামভৰ্ত্তি সহায়ক কেন্দ্ৰ। সদৌ অসমীয়া ছাত্ৰ সন্থাই অসমৰ বহু কেইখন জিলাত খুলিছে এই নামভৰ্ত্তি সহায়ক কেন্দ্ৰসমূহ।
দিল্লী বিশ্ববিদ্যালয়ত পঢ়াৰ সুবিধাৰ্থে অসমীয়া ছাত্ৰসন্থাৰ বিশেষ পদক্ষেপ
মৃগেন জ্যোতি কাশ্যপ- 7002218010
সুব্ৰজ্যোতি- 9555284250
নিকিতা মজুমদাৰ- 6901743476