অসম

assam

ETV Bharat / state

সমাগত দীপাৱলীঃ হোম ডেকৰে সাজি উলিয়াইছে মাটিৰ চাকি

সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ সেয়েহে নুনমাটিৰ চানেকি হোম ডেকৰে তৈয়াৰ কৰি উলিয়াইছে ভিন্ন আকৃতিৰ, ভিন্ন ৰঙৰ মাটিৰ চাকি ৷

By

Published : Nov 4, 2020, 8:19 PM IST

হোম ডেকৰে সাজি উলিয়াইছে মাটিৰ চাকি
সমাগত দীপাৱলী

কামৰূপ মেট্ৰ', 4 নৱেম্বৰ :সমাগত পোহৰৰ উৎসৱ দীপাৱলী ৷ আতচবাজী, ভিন্নৰঙী আলোকেৰে উদ্ভাসিত হোৱা এক উৎসৱ ৷ কিন্তু এইবাৰৰ দীপাৱলীৰ পৰিবেশ কিছু সুকীয়া, ইয়াৰ কাৰণ মহামাৰী কৰ'ণা ৷ কৰ'ণাৰ ফলত সমগ্ৰ দেশত বহু বাধ্যবাধকতাৰ মাজত পালন হৈছে সকলো উৎসৱ ৷

সমাগত দীপাৱলী

এনে পৰিৱেশৰ মাজতে মহানগৰীৰ নুনমাটিৰ চানেকি হোম ডেকৰে তৈয়াৰ কৰি উলিয়াইছে ভিন্ন আকৃতিৰ, ভিন্ন ৰঙৰ মাটিৰ চাকি ৷ হোম ডেকৰৰ স্বতাধিকাৰী চন্দনা কলিতাই নিজ হাতেৰে টেৰাকটা ডিজাইনেৰে প্ৰস্তুত কৰি উলিয়াইছে মাটিৰ চাকিসমূহ ৷ যোৱা বৰ্ষৰ পৰা হাতত লোৱা এই প্ৰচেষ্টাই ইতিমধ্যে বহুতৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ৷

সমাগত দীপাৱলী

কেৱল গুৱাহাটী মহানগৰীতে নহয়, ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে অৰ্ডাৰ দিয়ে এই মাটি চাকিৰ ৷ ক'ভিড পৰিস্থিতিৰ মাজতো ঘৰখন চাকিৰে পোহৰাই তোলাৰ উদ্দেশ্যে এই চাকিসমূহ সাজি উলিয়াইছে ৷

লগতে পঢ়ক :দিল্লীত শীতৰ প্ৰকোপঃ তাপমাত্ৰা হয়গৈ ১০.৬ ডিগ্ৰী চেলচিয়াছ

ABOUT THE AUTHOR

...view details