অসম

assam

By

Published : Jan 12, 2020, 7:25 PM IST

Updated : Jan 12, 2020, 7:50 PM IST

ETV Bharat / state

বিজেপি চৰকাৰে ন্যায়িক ব্যৱস্থাৰ অপমান কৰি কা বলৱৎ কৰিলেঃৰিপুণ বৰা

ৰাজীৱ ভৱনত দেওবাৰে এখন সংবাদমেল অনুষ্ঠিত হয় ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আয়োজন কৰা সংবাদমেলখনত উপস্থিত থাকে কংগ্ৰেছ নেতা ৰিপুণ বৰা আৰু ৰকিবুল হুছেইন ৷

গুৱাহাটীত
কংগ্ৰেছৰ সংবাদমেল

গুৱাহাটী,12 জানুৱাৰীঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত দেওবাৰে এখন সংবাদমেল অনুষ্ঠিত হয় ৷ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আয়োজন কৰা সংবাদমেলখনত উপস্থিত থাকে কংগ্ৰেছ নেতা ৰিপুণ বৰা আৰু ৰকিবুল হুছেইন ৷ সংবাদমলত অংশগ্ৰহণ কৰি নেতা দুগৰাকীয়ে কেন্দ্ৰত বিজেপি চৰকাৰে ন্যায়িক ব্যৱস্থাৰ অপমান কৰি আইনখন বলৱৎ কৰিলে ৷ স্মৰ্তব্য যে,২২ জানুৱাৰীত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে শুনানিৰ দিন ধাৰ্য কৰা হৈছিল ।

কংগ্ৰেছৰ সংবাদমেল

নাগৰিকত্ব সংশোধনী আইন বিৰোধী শক্তিক দমন কৰিবলৈ ভাৰতীয় জনতা পাৰ্টিয়ে বিভিন্ন কৌশল আয়ত্ব কৰি কংগ্ৰেছক পোনপটীয়া আক্ৰমণৰ লক্ষ্য কৰিছে বুলি সংবাদমেলখনত উল্লেখ কৰে । কিন্তু কংগ্ৰেছ দলে কেতিয়াও ভয় নকৰে আৰু গান্ধীৰ আদর্শৰে ভৱিষ্যতে আগুৱাই যাব বুলি বৰাই কয় । ভয়-ভাবুকিৰে কংগ্ৰেছ কৰ্মীৰ আন্দোলন দমন কৰিবলৈ খোজা বিজেপিয়ে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি কয় ৰিপুণ বৰাই ।

কঠোৰ সমালোচনা হিমন্ত বিশ্বক

উক্ত সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে ৷ লগতে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ গোপন মিত্ৰতাৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য কৰে ৰকিবুল হুছেইনে ৷

লগতে চাওকঃশীঘ্ৰেই NDFB(S)ৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ হাগ্ৰামা মহিলাৰীৰ

Last Updated : Jan 12, 2020, 7:50 PM IST

ABOUT THE AUTHOR

...view details