অসম

assam

ETV Bharat / state

Minister Pijush Hazarika: মন্ত্ৰী পীযুষ হাজৰীকাক উভতি ধৰিলে কংগ্ৰেছ নেতা ৰাতুল কলিতাই

মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সন্দৰ্ভত কৰা মন্তব্য সম্পৰ্কত মন্ত্ৰীগৰাকীক উভতি ধৰিলে কংগ্ৰেছ নেতা ৰাতুল কলিতাই ৷ মন্ত্ৰী পীযুষ হাজৰীকাৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি কয় তেওঁ ৷

By

Published : Aug 4, 2023, 9:09 PM IST

Ratul Kalita Criticized Minister Pijush Hazarika
পীযুষ হাজৰীকাক উভতি ধৰিলে কংগ্ৰেছ নেতা ৰাতুল কলিতাই

মন্ত্ৰী পীযুষ হাজৰীকাক সমালোচনা কংগ্ৰেছ নেতা ৰাতুল কলিতাৰ

গুৱাহাটী, 4 আগষ্ট : শোণিতপুৰ জিলা দিৱসত দুদিন পূৰ্বে উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা সন্দৰ্ভত কৰা মন্তব্য সম্পৰ্কত মন্ত্ৰীগৰাকীক উভতি ধৰিলে কংগ্ৰেছ নেতা ৰাতুল কলিতাই ৷ শনিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ নেতা ৰাতুল কলিতাই কয় যে মিছা কথা কৈ ভূপেন বৰা দিল্লীলৈ যোৱা বুলি মন্ত্ৰী পীযুষ হাজৰীকাই অভিযোগ কৰিছে ৷ এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন ৷

ভূপেন বৰাই ৰাইজক দিয়া প্ৰতিশ্ৰুতি ৰক্ষাৰ বাবে দিল্লীলৈ গৈছিল বুলি কয় নেতাজনে ৷ উল্লেখ্য যে, সভাখনত মন্ত্ৰী পীযুষ হাজৰীকাই ভূপেন বৰা সন্দৰ্ভত কৈছিল , ‘‘আমি ভাবিছিলো ভূপেন বৰা কথা দি কথা ৰখা মানুহ, কিন্তু তেওঁ কালি দিল্লীলৈ গৈছে ৷ লাভ জিহাদ বিতৰ্কত ভগৱান শ্ৰীকৃষ্ণ আৰু ৰুক্মিণীৰ নাম লৈ সমালোচনাৰ সম্মুখীন হোৱাৰ পিছত ঘোষা গাই ক্ষমা খুজি তেওঁ অসমৰ মানুহক কৈছিল যে তেওঁ 7 দিন ৰাজনীতিৰ পৰা আঁতৰি থাকিব ৷ এই 7 দিনৰ প্ৰত্যেক দিনাই নামঘৰলৈ যাব ৷ কিন্তু হঠাৎ তিনিদিনৰ পাচত দিল্লীলৈ গুচি গ’ল ৷"

এই সন্দৰ্ভত স্পষ্টীকৰণ দি কংগ্ৰেছ নেতা ৰাতুল কলিতাই কয় যে যোৱা‌ 25 জুলাইত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে লোৱা নামৰূপ সাৰকাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ দাবীত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আন্দোলন হৈছিল ৷ তাত বৰাই কৈছিল যে কেন্দ্ৰীয় চৰকাৰে নামৰূপ সাৰকাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে দিল্লীত গৈ বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰিব ৷ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ বাবে ভূপেন বৰা দিল্লীলৈ গৈছিল আৰু বিভাগীয় মন্ত্ৰীক সাক্ষাৎ কৰিছিল বুলি কয় ৰাতুল কলিতাই ৷

লগতে ৰাতুল কলিতাই কয় যে, ভূপেন বৰা নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ দৰে মিছলীয়া নেতা নহয় ৷ পীযুষ হাজৰীকাৰ সাহস আছে যদি নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মিছা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে মন্তব্য কৰক ৷

লগতে পঢ়ক :Rahul Gandhi Conviction Stayed : উচ্চতম ন্যায়ালয়ৰ ৰায়দানক লৈ ডিব্ৰুগড়ত কংগ্ৰেছৰ বিজয়োৎসৱ

ABOUT THE AUTHOR

...view details