অসম

assam

Kamal Nath's Assam Tour: গুৱাহাটীত জ্যেষ্ঠ কংগ্ৰেছ নেতা কমল নাথ; কামাখ্য ধাম দৰ্শন

By

Published : May 19, 2023, 8:39 PM IST

শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা কমল নাথ ৷ কংগ্ৰেছ নেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যখনৰ প্ৰাক্তন বিৰোধী দলপতি কমল নাথ পুৱাবেলা আহি গুৱাহাটীত উপস্থিত হয় ৷ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাকে ধৰি ৰাজ্যিক কংগ্ৰেছ নেতৃবৃন্দই বিপুল আদৰণি জনায় কমল নাথক (Kamal Nath visiting Kamakhaya temple) ৷

Kamal Nath visiting Kamakhaya temple
গুৱাহাটীত উপস্থিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কমল নাথ

গুৱাহাটীত জ্যেষ্ঠ কংগ্ৰেছ নেতা কমল নাথ

গুৱাহাটী, 19 মে’ :লোকসভা নিৰ্বাচনৰ সময় চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাইছে ৰাষ্ট্ৰীয় ৰাজনৈতিক নেতাৰ অসম আগমন ৷ আন দলৰ লগতে অসম আগমন ঘটিছে কংগ্ৰেছৰো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ ৷ শুকুৰবাৰে গুৱাহাটীত উপস্থিত হয় কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা কমল নাথ (Kamal Nath visiting Kamakhaya temple) ৷

শুকুৰবাৰে কংগ্ৰেছ নেতা, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মধ্য প্ৰদেশৰ প্ৰাক্তন বিৰোধী দলপতি কমল নাথ পুৱাবেলা আহি গুৱাহাটীত উপস্থিত হয় ৷ অৱশ্যে কংগ্ৰেছ দলৰ সূত্ৰ অনুসৰি কোনো দলীয় কাৰ্যসূচীৰে নহয় বৰঞ্চ ব্যক্তিগত কাৰ্যসূচী হাতত লৈ গুৱাহাটীত উপস্থিত হয়হি জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকী (Kamal Nath in Guwahati) ৷

ব্যক্তিগত ভ্ৰমণ হ’লেও শুকুৰবাৰে বৰঝাৰ বিমান বন্দৰত নেতা গৰাকীক লৈ দেখা গ’ল এক উখল-মাখল পৰিৱেশ (Congress leader Kamal Nath) ৷

ঢোলে-ডগৰে, বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে ৰাজ্যৰ কংগ্ৰেছ কৰ্মীসকলে আদৰণি জনালে এসময়ত অসম কংগ্ৰেছৰ তত্বাৱধায়ক ৰূপেও দায়িত্ব পালন কৰা জ্যেষ্ঠ নেতাজনক (Kamakhaya temple) ৷ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিচত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাকে ধৰি ৰাজ্যিক কংগ্ৰেছ নেতৃবৃন্দই বিপুল আদৰণি জনায় কমল নাথক (Congress leader Kamal Nath visiting Guwahati) ৷

জ্যেষ্ঠ কংগ্ৰেছ নেতা কমল নাথে এপিচিচিৰ সভাপতি ভূপেন কুমাৰ বৰা, ৰেকিবুদ্দিন আহমেদ আৰু প্ৰদেশ কংগ্ৰেছৰ অন্যান্য নেতা-কৰ্মী সকলৰ সৈতে বিমান বন্দৰৰ পৰা পোনে পোনে শক্তিপীঠ কামাখ্যা মন্দিৰলৈ গৈ সেৱা জনায় ৷ মা কামাখ্যাৰ আশিস বিচাৰি কামাখ্যা ধামত পূজা-অৰ্চনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ মন্দিৰ দৰ্শন কৰাৰ পিছত কমল নাথৰ নিৰ্দিষ্ট আনুষ্ঠানিক কাৰ্যসূচী নাথাকিলেও ভালে কেইগৰাকী কংগ্ৰেছ নেতাকো লগ ধৰি আলোচনাত মিলিত হয় বুলি জানিব পৰা গৈছে (Kamal Naths Assam Tour) ৷

লগতে পঢ়ক:Karnataka Cabinet Formation : হাইকমাণ্ডৰ সৈতে কেবিনেট গঠনৰ বিষয়ে আলোচনা; দিল্লীলৈ সিদ্দাৰামাইয়া-শিৱকুমাৰ

ABOUT THE AUTHOR

...view details